বিশ্বৰ বুকুত অসমীয়া সাহিত্যক উজলাই তোলা জাতিৰ অন্যতম পুৰোধা ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ১৫৫ সংখ্যক জন্মদিন সোমবাৰে ৰাজ্যজুৰি পালন কৰা হয়। সমগ্ৰ ৰাজ্যবাসীয়ে জন্মদিনটোত শ্ৰদ্ধাৰে সূৱঁৰিলে অসমীয়া জাতীয় সংগীতৰ স্ৰষ্টাগৰাকীক। মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ কাষত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সোমবাৰে পুৱা ১০ বজাত জন্মদিনটোত সাহিত্যৰথীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায়।উক্ত অনুষ্ঠানত অসমৰ চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী , মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাহিত্যৰথীক শ্ৰদ্ধাঞ্জলি জনায়।সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে ফুলৰ মালা দি সেৱা জনাই মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে কয়- 'বেজবৰুৱাই অসমীয়া জাতিক চেতনা দি যোৱাৰ লগতে ওচৰ-চুবুৰীয়া দুখন ৰাজ্যৰ লগতো এটা সু-সম্পৰ্ক গঢ়ি তুলিছিল।যিদৰে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে এক ভাৰতৰ কথা কৈছে, সেই কথা লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে চিন্তা কৰিছিল।যি নেকি অসমীয়া জাতিক পূৰ্ণ সঞ্জীৱনী প্ৰদান কৰি গৈছে। লগতে তেওঁ কয়-'লিখনি,কবিতা আৰু গীতৰ মাজেৰে অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰা বেজবৰুৱা আমাৰ বাবে সদায় স্মৰণীয়।'
আনহাতে,উক্ত শ্ৰদ্ধাঞ্জলিতে গোস্বামীয়ে সম্বলপুৰত অসম চৰকাৰ আৰু উৰিষ্যা চৰকাৰৰ সহযোগত পুননিৰ্মাণ কৰি থকা লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ আৰু সাধনাগৃহৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত কয় যে ইতিমধ্যে বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণৰ কাম আৰম্ভ হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নির্দেশক্ৰমে উৰিষ্যাৰ সম্বলপুৰত নিৰ্মাণ আৰম্ভ হোৱা বেজবৰুৱাৰ বাসগৃহৰ কামৰ অগ্ৰগতি মন্ত্ৰী নৱ দলেৰ সৈতে তেওঁ নিজে পৰ্যবেক্ষণ কৰি অহা বুলি প্ৰকাশ কৰে। লগতে নতুন প্ৰজন্মক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আদর্শৰে আগবাঢ়ি যাবলৈ গোস্বামীয়ে আহ্বান জনায়।
ইফালে,শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত উপস্থিত থাকি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বেজবৰুৱাক স্মৰণ কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি অৱগত কৰে।বেজবৰুৱাৰ আৰ্দশক সকলোৱে বুজি ব্যৱহাৰিক কামত প্ৰয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়।
- Log in to post comments
- 7 views