এন আৰ চিত নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ, প্ৰব্ৰজন প্ৰমাণ-পত্ৰ আদি গ্ৰহণ নকৰা, ৰেল'ৱে তথা অন্যান্য চৰকাৰী দপ্তৰত চাকৰি কৰি অহা লোকৰ প্ৰমাণ-পত্ৰ, পেন্সন অৰ্ডাৰ গ্ৰহণ নকৰা, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা বৈবাহিক সূত্ৰে অসমলৈ অহা মহিলাসকলৰ প্ৰমাণ-পত্ৰ
গ্ৰহণ নকৰাকে আদি কৰি প্ৰকৃত ভাৰতীয় লোকসকলৰ এন আৰ চিক লৈ হোৱা বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ দাবী লৈ শনিবাৰে অসমৰ চৈধ্যটাকৈ বঙালী সংগঠনৰ যৌথ মঞ্চ বেংগলী ইউনাইটেড ফ'ৰাম অব্ আছামৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত
কেন্দ্ৰীয় গৃহমন্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে ৷ গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত প্ৰতিনিধি দলটোৱে এন আৰ চিৰ কাম চলি থকাৰ সময়ত বিদেশী জাননী প্ৰদান কৰা, শৰণাৰ্থী শিবিৰলৈ নিক্ষেপ কৰা বিষয়টো গৃহমন্ৰীগৰাকীক অৱগত কৰে
এই সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতিব বুলি প্ৰতিনিধি দলটোক জনায় ৷ তেঁও এন আৰ চিৰ কাম সুকলমে পাৰ হোৱাৰ পিছত হিন্দুসকলৰ সকলো সমস্যা সমাধান কৰা হ'ব বলিও আশ্বাস দিয়ে ফ'ৰামক ৷
আনহাতে, এন আৰ চিৰ পৰা এজনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে জনায় ৷ উল্লেখ্য যে ফ'ৰামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰ দত্ত, সদৌ অসম বাঙালী জাতীয় পৰিষদৰ সভাপতি সাধন বৈশ্য, নাগৰিক অধিকাৰ সুৰক্ষা সংগ্ৰাম
সমিতিৰ সভাপতি অৰুণ ৰায় আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাওয়ালৰ নেতৃত্বত যোৱা প্ৰতিনিধি দল এটাই শনিবাৰে নতুন দিল্লীৰ ১৭নং আকবৰ ৰোডস্থিত গৃহমন্ত্ৰীগৰাকীৰ বাসভৱনত পুৱা ১০ বজাত তেওঁক সাক্ষাৎ
কৰি ফ'ৰামৰ তৰফৰ পৰা ৩৬ দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰও প্ৰদান কৰে বুলি ফ'ৰামৰ মুখ্য সমন্বয়ক মহানন্দ সৰকাৰ দত্তই এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷
- Log in to post comments
- 13 views