পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

kajiranga

নিউজ ডেস্ক :

পৰ্যটকৰ বাবে শনিবাৰে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৯-২০ বর্ষৰ বাবে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহুসংখ্যক ব্যক্তি।kajiranga

ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী অতুল বৰাই জীপ চাফাৰী কৰি বিশ্ব ঐতিহ্য এশিঙীয়া গঁড় দর্শন কৰে। তাৰ লগতে কাজিৰঙা উন্নয়ন আৰু জীপ চাফাৰী সন্থাৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ পৰ্যটন উদ্যোগতো শক্তিশালী কৰাৰ লগতে জীপ চাফাৰী ব্যৱসায়ে যুৱ-প্ৰজন্মক আত্মনির্ভশীল কৰি তুলিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে ইয়াৰ পৰা কাজিৰঙা দাতি কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক দিশটো টনকিয়াল হোৱা বুলিও তেওঁ উল্লেখ কৰে।

Your Comments