"বন্ধ নহয় 'বিএছএনএল'ৰ সেৱা"-স্পষ্ট কৰিলে অসম সংমণ্ডলৰ মুখ্য মহাপ্ৰবন্ধকে

Bsnl

বিএছএনএলৰ সেৱা বন্ধ হোৱা খবৰটো সম্পূৰ্ণ ভিত্তিহীন আৰু অসত্য। শুকুৰবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড(BSNL) ৰ অসম সংমণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক সন্দীপ গোভিলে।সংবাদমেলখন সম্বোধন কৰি অসম সংমণ্ডলৰ মুখ্য মহা প্ৰবন্ধক গৰাকীয়ে কয়-'বিএছএনএল এটা শক্তিশালী কোম্পানী। বিভিন্ন সামাজিক মাধ্যমত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে ভাৰত সঞ্চাৰ নিগম লিমিটেডক বন্ধ কৰিব বুলি যি প্ৰচাৰ চলাইছে,সেয়া সম্পূৰ্ণ ভিত্তিহীন আৰু অসত্য।'

'বিএছএনএলে অসমত অতি শীঘ্ৰেই 4G  মুকলি কৰিব।গুৱাহাটী মহানগৰীত যদিও বৰ্তমান অৱস্থাত 4G মুকলি কৰা নহয়, কিন্তু অসমৰ প্ৰায়বোৰ জিলাতে 4G মুকলি কৰা হ'ব' বুলিও মুখ্য মহাপ্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে।
         
 তেওঁ আৰু কয়-'ভাৰত সঞ্চাৰ নিগম লিমিটেড যদিও চৰম বিত্তীয় সংকটত আছে,কিন্তু তাৰ পিছতো ভাৰত সঞ্চাৰ নিগম লিটিটেডে গ্ৰাহকক ১০০ শতাংশই সেৱা আগবঢ়াই অহাৰ উপৰিও গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা বিভাগত বহুতো আৱশ্যকীয় কৌশল সেৱা আগবঢ়াই আহিছে। গতিকে ইয়াৰ সেৱাসমূহ আৰু প্ৰতিষ্ঠানটো বন্ধ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই।'

 'ভাৰত সঞ্চাৰ নিগম লিটিটেডৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহক আধাৰ পঞ্জীয়নৰ বাবে পেনৰ ভিত্তিত আধাৰ সেৱা কেন্দ্ৰ হিচাপে উন্নীত কৰিছে।অসমত এতিয়া তেনেকুৱা ৩৬ টা গ্ৰাহক সেৱা কেন্দ্ৰত আধাৰ পঞ্জীয়ন চলি আছে।গতিকে,আধাৰ সম্পৰ্কীয় সেৱাৰ বাবে জনসাধাৰণে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ আধাৰ সেৱা কেন্দ্ৰত নতুন আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগতে পূৰ্বতে লাভ কৰা আধাৰ কাৰ্ডৰ তথ্য শুধৰণিকৰণো কৰিব পাৰিব" বুলি তেওঁ কয়। 
   
'গতিকে আমি আমাৰ গ্ৰাহকসকলক উৰাবাতৰিত গুৰুত্ব নিদিবৰ বাবে অনুৰোধ জনাইছোঁ। ভাৰত সঞ্চাৰ নিগম লিমিটেডে সদায় আমাৰ মূল্যৱান গ্ৰাহকসকলৰ লগত আছোঁ আৰু অনাগত দিনবোৰটো আমি আপোনালোকক সেৱা আগবঢ়ায় যাম'- মুখ্য মহাপ্ৰবন্ধক সন্দিপ গোভিলে মন্তব্য কৰে।

Your Comments