কবি গীতা দত্তৰ কাব্য সংকলন 'সাৱলীল' উন্মোচন

Pic

'অধ্যয়ন,অনুশীলন, সাধনা লাগিব ভাল কবিতা লিখিবলৈ।এজন মানুহক কবি হিচাপে জীয়াই ৰাখিবলৈ তিনি-চাৰিটা কবিতাই যথেষ্ট।কিন্তু,সেই উন্নত মানৰ কবিতাকেইটা লিখিবলৈ জীৱন জোৰা সাধনা লাগিব।'এই বক্তব্য বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈৰ।দিছপুৰ প্ৰেছ ক্লাবত কবি গীতা দত্তৰ কাব্য 'সাৱলীল' উন্মোচন কৰি কবি বৰদলৈয়ে এইদৰে কয়।লগতে কবি বৰদলৈয়ে তৰুণ কবিসকলক নিজৰ কবিতাৰ মান উন্নত কৰিবলৈ প্ৰখ্যাত কবিসকলৰ কবিতা একাগ্ৰতাৰে পঢ়িবলৈ আহ্বান জনায়।

Pic

বিশিষ্ট কবি-সমালোচক বিপুল শৰ্মাই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনত সন্মানীয় অতিথি হিচাপে শিক্ষাবিদ ঘনশ্যাম নাথ,ডঃ ইভা হাজৰিকা,অভিনেতা জ্যোতি ভূঞা উপস্থিত থাকি মূল্যৱান বক্তব্য আগবঢ়ায়।তেওঁলোকে কবি দত্তক নিষ্ঠাৰে কাব্য চৰ্চা কৰি যাবলৈ আহ্বান জনায়।কবি গীতা দত্তয়ো তেওঁৰ কাব্যচর্চা সম্পর্কে চমু বক্তব্য আগবঢ়ায়।অগ্ৰণী প্ৰকাশন গোষ্ঠী 'বাণী মন্দিৰ'-এ প্ৰকাশ কৰা কাব্য সংকলনখন যোৱা ২ অক্টোবৰত উন্মোচন কৰা হয়।

Your Comments