আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী : হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ

sankardev

নিউজ ডেস্ক :

আজি জগত গুৰু শ্ৰীমন্ত্ৰ শংকৰদেৱ ৫৭১সংখ্যক জন্ম জয়ন্তী।দুৰ্গা পূজাৰ বিজয়া দশমীৰ আনন্দ উল্লাহৰ মাজতে আজি ৰাজ্যজুৰি ভিন্ন প্ৰান্তত পালন কৰা হৈছে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি।শংকৰ গুৰুজনাই সমাজৰ মাজত একতা সৃষ্টিৰ কৰা লক্ষ্যৰে প্ৰতিষ্ঠা কৰা নামঘৰ-মন্দিৰ সমূহত আজি দিনজোৰা কাৰ্যসূচীৰে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে।পুৱাৰে পৰা ৰাজ্যৰ নামঘৰ সমূহ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা হৰি নামৰ বাণীৰে মুখৰিত হৈ পৰিছে।

ইফালে বিগত বছৰ সমূহৰ দৰে এইবাৰো মহানগৰীৰ বামনুমৈদাম জ্যোতিনগৰ শংকৰদেৱ সমাজে তিনিদিনীয়াকৈ আয়োজন কৰিছে গুৰুজনাৰ জন্ম জয়ন্তী।সোমবাৰে পুৱা ৯বজাত পতাকা উত্তোলনেৰে শুভ উদ্বোধন হোৱা গুৰুজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সোমবাৰে নাম-প্ৰসংগ আৰু বৰগীত প্ৰতিযোগিতাৰ আৰম্ভ হয়।

আনহাতে আজি দিনটোত তেওঁলোকে ভাগৱত লৈ এক শোভাযাত্ৰা কাৰ্যসূচী আয়োজন কৰিছে। তাৰ সমান্তৰালকৈ সন্ধিয়া বিপ্ৰ দামোদৰ ভাওনা প্ৰদৰ্শন কৰিব। উক্ত ভাওনাখন উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Your Comments