অসম ৰাজ্যিক পৰিবহণ নিগমৰ অনিল কলিতা নামৰ অৱসৰপ্রাপ্ত বিষয়াজনে দেওবাৰে নিশা আত্মহত্যা কৰে।নিশা নিজা বাসগৃহতে আত্মহত্যা কৰে পৰিবহণ নিগমৰ বিষয়াজনে।
২০১৭ চনতেই অৱসৰ লোৱা বিষয়াজনে পোৱা নাছিল অৱসৰকালীন ধন।যাৰ বাবে ৫ জনীয়া পৰিয়াল চলাবলৈ অসুবিধা পাইছিল বিষয়াজনে।
ধনৰ অভাৱত পুত্ৰ সন্তানক উচ্চ শিক্ষা দিব পৰা নাছিল অনিল কলিতাই, লগতে দুজনকৈ ছোৱালীক বিয়া দিব পৰা নাছিল বুলিও অভিযোগ কৰিছে পৰিয়ালৰ লোকে।দেওবাৰে নিশা পৰিয়ালৰ লোকে পূজা চাবলৈ যাওঁতেই আত্মহত্যা কৰে কলিতাই।
জানিব পৰা মতে পৰিবহণ নিগমৰ বহু বিষয়াই পোৱা নাই সেই অৱসৰকালীন ধন।যাৰ বাবে কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছে যদিও বিভাগৰ উচ্চ পদস্থ বিষয়াৰ মইমতালিৰ বাবে আজিলৈ পোহৰলৈ অহা নাছিল বিষয়টো।নুনমাটিৰ গোপাল নগৰৰ বাসিন্দা অনিল কলিতাৰ বয়স ৬২ বছৰ আছিল।
ইতিমধ্যে অনিল কলিতাৰ পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে।
- Log in to post comments
- 22 views