নিউজ ডেস্ক :
শাৰদীয় দূর্গাৰ পূজা আনন্দৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা উদীয়মান শিল্পী তুষাৰ ভূঞা। বিশ্ববিদ্যালয় খনৰ ইংৰাজী বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ তুষাৰে অসমৰ সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ইণ্ডিয়া ষ্টাৰ এৱাৰ্ডছে ২০১৯বর্ষৰ "ষ্টাৰ য়ুথ আইকনিক এৱাৰ্ড"ৰ সন্মান প্ৰদান কৰিছে তুষাৰক।
উল্লেখ যে বৰপেটা নিবাসী হৰেণ ভূঞা আৰু ৰঞ্জুমনি ভূঞাৰ সন্তান তুষাৰ ভূঞা ২০১৫-১৬ আৰু ২০১৭-১৮বর্ষত কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল।ইয়াৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বতো আছে।
ইফালে তুষাৰৰ এই সাফল্যত বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী তথা পৰিয়ালৰ লোক সকলকো উৎসাহিত হৈ পৰিছে।
উল্লেখ্য যে বিগত বছৰ সমূহৰ দৰে এইবাৰো ইণ্ডিয়া ষ্টাৰ এৱাৰ্ডছে মুঠ ১০৪গৰাকীৰ বিভিন্ন ক্ষেত্ৰ ব্যক্তিক এই বঁটা প্ৰদান কৰিছে।
- Log in to post comments
- 25 views