আজি মহাসপ্তমী:ঢাক-ঢোল,শংখৰ ধ্বনিৰে মুখৰিত গুৱাহাটীৰ পূজা মণ্ডপত ভক্তৰ ভিৰ

দেৱী

আজি মহাসপ্তমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পূজাৰ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ঢাক-ঢোল, শংখৰ ধ্বনিৰে মুখৰিত হৈছে মহানগৰীৰ আকাশ-বতাহ। মণ্ডপে মণ্ডপে মা দুর্গাৰ আৰাধনাত ব্যস্ত ভক্তসকল। মাৰ আশীষ ল'বলৈ মণ্ডপসমূহত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। 

শিৱ

গুৱাহাটীৰ আঠগাঁৱত এইবাৰ পূজা সমিতিয়ে বৃহৎ আকৃতিৰ শিৱ মূৰ্তি নিৰ্মাণ কৰিছে।পূৰ্বৰ দৰে এইবেলিও ব্যতিক্ৰমী ধৰণেৰে দুৰ্গা পূজাৰ আয়োজন কৰিছে আঠগাঁও সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। অন্য পূজাস্থলীসমূহৰ দৰেই আঠগাঁৱতো সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজাৰ আয়োজন কৰা হৈছে।তদুপৰি,জাকজমকতাৰ লগতে আধ্যাত্মিকতা আৰু পৰম্পৰাকো আয়োজক সমিতিয়ে সমানে গুৰুত্ব দিছে। 

Yy

আনহাতে,কামাখ্যা কলনিতো ঢাক-ঢোলৰ শব্দৰে উখল-মাখল পৰিৱেশ। পৰিৱেশ সংৰক্ষণৰ থীম লৈ এইবাৰ পূজা আয়োজন কৰিছে কামাখ্যা কলনি দুৰ্গা পূজা সমিতিয়ে। শেৱালি ফুলৰ গছৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বৃহৎ পূজা মণ্ডপ। য'ত কেৱল কাগজ আৰু বাঁহ- বেতহে ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্লাষ্টিক মুক্ত আৰু স্বচ্ছতাৰ  গুৰুত্ব প্ৰদান কৰি আয়োজন কৰা হৈছে এই পূজা।

Your Comments