উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত 'সচেতন যুৱ মঞ্চ'ৰ স্মাৰকপত্ৰ প্ৰদান

Pic

Water Supply

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ পৰা উত্তৰ গুৱাহাটীবাসীয়ে অনিয়মীয়াভাৱে পৰিশোধিত পানী পাই আহিছে।ঘৰুৱা সংযোগসমূহৰ গ্ৰাহকসকলে প্ৰায়েই অতিকৈ কম মাত্ৰাত পানী পাবলৈ ধৰিছে।বহুক্ষেত্ৰত পুৱা পানী পালে গধূলি পানী নোপোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।ইয়াৰ বাবে সম্প্ৰতি উত্তৰ গুৱাহাটীবাসী গভীৰ সমস্যাৰ সন্মুখীন হৈছে।বহুসময়ত ঘৰুৱা সংযোগৰ গ্ৰাহকসকলে অলপ বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে।উত্তৰ গুৱাহাটীৰ ৰাইজে এনেদৰে গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ সময়তে উত্তৰ গুৱাহাটীৰ অগ্ৰণী সামাজিক সংগঠন 'সচেতন যুৱ মঞ্চ'ই যোৱা ২৬ ছেপ্টেম্বৰত পানী যোগান আঁচনিখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আঁচনিখনৰ দায়িত্ববাহী কনিষ্ঠ অভিযন্তা ৰঞ্জিত কলিতালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰকপত্ৰখনত পুৱা আৰু গধূলি ৩ ঘণ্টাকৈ পানী যোগান ধৰিবলৈ দাবী জনোৱা হয়।সম্প্ৰতি বন্ধ হৈ থকা পানী যোগান আঁচনি আৰু গৃহ সংযোগৰ ব্যৱস্থা পুনৰ মুকলি কৰিবলৈ দাবী জনোৱা হয়।ইফালে,পানী যোগান আঁচনিৰ কাৰ্যালয়টো অশ্বক্লান্ত পাহাৰৰ ওপৰত অৱস্থিত হোৱাৰ বাবে বিল দিয়াৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ আৰু মহিলাসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে।ইয়াৰ বাবে নামনি অংশত বিল লোৱাৰ ব্যৱস্থা কৰিবলৈ আৰু অনলাইন বিল দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনোৱা হয়।স্মাৰকপত্ৰখনৰ প্ৰতিলিপি কনিষ্ঠ অভিযন্তাজনৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তালৈও প্ৰেৰণ কৰা হয়।স্মাৰকপত্ৰখন সন্দৰ্ভত যোৱা ৩০ ছেপ্টেম্বৰত সচেতন যুৱ মঞ্চৰ কৰ্মকতাৰে  হোৱা আলোচনাকালত কনিষ্ঠ অভিযন্তা ৰঞ্জিত কলিতাই উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।আনহাতে,যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলে আঁচনিখনৰ কৰ্তৃপক্ষই অথবা জনস্বাস্থ্য কাৰিকৰী, বিভাগে কিমান দিনৰ ভিতৰত আৰু কেনে ধৰণেৰে আঁচনিৰ সমস্যাসমূহ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব,সেই দিশত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি উল্লেখ কৰে।পানী যোগান আঁচনিখনৰ সমস্যাসমূহৰ সমাধান নোহোৱালৈকে সচেতন যুৱ মঞ্চ বিষয়টোত সক্ৰিয় হৈ থাকিব বুলি উল্লেখ কৰা হয়।

Your Comments