উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা 'ন-গোসাঁই পূজা'।১৮২৬ চনৰ পৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ গোসাঁই হাউলীত আয়োজন কৰি অহা ন-গোসাঁই ঐতিহাসিক দুৰ্গা পূজা পৰম্পৰাগত ধৰ্মীয় প্ৰথাৰে এইবাৰো আয়োজন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।১৫ আহিন, ১৪২৬ ভাস্কৰাব্দ,৩ অক্টোবৰৰ পৰা ২০ আহিন, ৮ অক্টোবৰলৈ বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে পূজাভাগ সম্পন্ন কৰা হ'ব । ন-গোসাঁই পৰিয়ালৰ আয়োজক সমিতিৰ ঈশেশ্বৰ গোস্বামী আৰু মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰ,৩ অক্টোবৰত সন্ধিয়া দেৱীৰ বোধন। ৪ অক্টোবৰ, ১৬ আহিন শুকুৰবাৰে দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস।৫ অক্টোবৰ,১৭ আহিনত মহাসপ্তমী পূজা তথা দেৱীৰ নৱপত্ৰিকা স্থাপন।৬ অক্টোবৰ,১৮ আহিন,দেওবাৰে মহাঅষ্টমী পূজা।৭ অক্টোবৰ,১৯ আহিন, সোমবাৰে মহানৱমী পূজা ।৮ অক্টোবৰ, ২০ আহিন মঙলবাৰে যথাবিহিত বৈদিক নিয়ম অনুসৰি মহাদশমী,অপৰাজিতা পূজা আৰু বিসৰ্জনৰ অন্তত বাৰ্ষিক ভ্ৰমণ সংকল্প লোৱা হ'ব।উল্লেখ্য যে, ন-গোসাঁই ঐতিহাসিক দুৰ্গা পূজা বলি-বিধান প্ৰথা নোহোৱাকৈ শান্তিময় পৰিৱেশত আয়তীৰ নাম-কীৰ্তন,ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰি এক আধ্যাত্মিক পৰিৱেশত সম্পন্ন কৰা হ'ব ।
- Log in to post comments
- 48 views