'মোহন ভাগৱত সৰ্বানন্দ সোণোৱালৰ পথ প্ৰদৰ্শক হ'লে অসমখন ভাগি ধ্বংস হ'ব'-তৰুণ গগৈ

Gogoi

সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।সংবাদমেলখন সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-'মোহন ভাগৱতে এনআৰচিৰ ক্ষেত্ৰত বিভাজনৰ ৰাজনীতি কৰিছে। এনআৰচিখন আনি আমি ধৰ্মৰ ভিত্তিত ৰূপায়ণ কৰাটো বিচৰা নাই। মোহন ভাগৱত অসমলৈ আহি হিন্দুসকলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰু আমাৰ মাজত যি বিদ্বেষ ভাব সৃষ্টি কৰিবলৈ বিচাৰিছে সেয়া অতিকৈ নিন্দনীয়।'

"জিন্না আৰু মোহন ভাগৱতৰ আদৰ্শ আমি গ্ৰহণ নকৰোঁ। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰএছএছ দায়ী,কংগ্ৰেছ নহয়। হিন্দু- অহিন্দু বিচাৰ কৰিলে শুদ্ধ এনআৰচি নহ'ব এনআৰচিখন ১৯৭১ চন হওঁতেই ইমান দিন লাগিলে,১৯৫১চন হ'বলৈ হ'লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই। গতিকে এখন 'ৰিভিউ কমিটী' গঠন কৰি এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিত সুমুৱাব লাগে"-গগৈয়ে মন্তব্য কৰে।  

গগৈয়ে আৰু কয়-'শিলাদিত্যই কৈছে যে এনআৰচিখনত  মুছলমান বিষয়াবোৰে হিন্দুৰ নাম কাটিছে।তেওঁক এই মন্তব্যৰ বাবে শাস্তি দিব লাগে।কোনে কোনে নাম কাটিছে,তাৰ তালিকা শিলাদিত্যই আমাক দিয়ক।'

'মুখ্যমন্ত্ৰী সৰ্বানন্দৰ পদ প্ৰদৰ্শক হ'ব লাগিছিল শ্ৰীমন্ত শংকৰদেৱৰ বা আজান ফকীৰ। কিন্তু তেওঁৰ পদ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগৱত,তেওঁ নিশ্চিত কৰক। মোহন ভাগৱত সৰ্বানন্দৰ পদ প্ৰদৰ্শক হ'লে অসমখন ভাগি চুৰমাৰ হ'ব।গুণানুকীৰ্তন কৰাৰ এটা সীমা আছে,কিন্তু এওঁলোকৰ এই সীমা নাই' বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয় যে অসমৰ আইন-শৃংখলাৰ অৱনতি হৈছে। ইয়াত ৰাউডী অসম হৈছে । অসমৰ চাৰিওফালে অৰাজকতা হৈছে।মোডীয়ে 
ইমান ফুৰিবলৈ গৈ আলিংগন কৰিলে, কিন্তু কি হ'ল। ইয়াত Advantage Assam হোৱা নাই Disadvantage Assam হে হৈছে। Advantage Assam পাতি যদি কিবা কাম হৈছে,তেনেহ'লে সাংবাদিকসকলক লগত গৈ আমাক দেখুৱাই দিয়ক। চৰকাৰখন এতিয়া থৰক-বৰক হৈছে। 

'নুমলীগড় ৰিফাইনেৰীক ব্যক্তিগতকৰণৰ বাতৰি ওলাইছে।ব্যক্তিগতকৰণ কৰাৰ কোনো কাৰণ নাই।এইবোৰ কৰি তেওঁ কি কৰিবলৈ বিচাৰিছে।এনেদৰে ব্যক্তিগতকৰণ কৰাক লৈ চৰকাৰ যে দেউলিয়া হৈছে গম পোৱা গৈছে। আৰু দেশখনকো দেউলিয়া কৰিছে'-গগৈয়ে কয়।

আনহাতে,ৰাজ্যৰ  উপ-নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-'উপ-নিৰ্বাচনতত আমি চাৰিওটা সমষ্টিতে যুঁজিম।আমি বাগানৰ মজদুৰক টিকট দিছোঁ। বিজেপিয়ে কিয় মজদুৰক টিকট দিয়া নাই । তেওঁলোকে আচলতে মজদুৰক ৰাজনৈতিকভাৱে সবল কৰাটো নিবিচাৰে।'

'উপ-নিৰ্বাচনত আমি মিত্ৰতা কৰা নাই, কিন্তু ২১ৰ নিৰ্বাচনতত এআইইউডিএফৰ লগত মিত্ৰতা কৰিবও পাৰোঁ আৰু ৰঙাপাৰা আৰু সোণাৰিত,মই প্ৰচাৰৰ বাবে যাম' বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে প্ৰকাশ কৰে।

Your Comments