এইবাৰ উদিত নাৰায়ণৰ সৈতে একেলগে গীত গালে ৰাণু মণ্ডলে

হিমেশ

নিজৰ সুৰীয়া কন্ঠৰ জৰিয়তে বলীউডত খোপনি পুতিবলৈ আৰম্ভ কৰিছে 'ইণ্টাৰনেট চাঞ্চল্য' ৰাণু মণ্ডলে।সংগীত পৰিচালক হিমেশ ৰেশামিয়াৰ জড়িয়তে বলীউডৰ সংগীতৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে ৰাণু মণ্ডলে এইবাৰ কণ্ঠ নিগৰালে প্ৰথিতযশা কণ্ঠশিল্পী উদিত নাৰায়ণৰ সৈতে।হিমেশ ৰেশামিয়াৰ সৈতে ৰাণু মণ্ডলে কণ্ঠদান কৰা 'তেৰী মেৰী কাহানী' গীতটোৱে প্ৰচুৰ জনপ্ৰিয়তা পোৱাৰ পিছত উদিত নাৰায়ণৰ সৈতে ৰাণুয়ে কণ্ঠদান কৰিলে 'কেহ ৰেহি হেই নজদিকিয়া' গীতটোত।গীতটোত হিমেশ ৰেছমিয়া আৰু পায়েল দেৱেও কণ্ঠদান কৰিছে। গীতটো ৰেকৰ্ডিঙৰ সময়ৰ এটা ভিডিঅ' ক্লিপ ইতিমধ্যে ৰেশামিয়াই নিজৰ টুইটাৰ একাউণ্টত শনিবাৰে পোষ্ট কৰে।এই গীতটোৱেও শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ ধৰিছে।

Your Comments