শিক্ষানীতিত নতুন সংযোজন:২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে থাকিব 'বাণিজ্য'

Pic

ৰাজ্যৰ শিক্ষানীতিত নতুন সংযোজন ঘটিছে।২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে থাকিব 'বাণিজ্য' বিষয়।শুকুৰবাৰে গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত অসম মাধ্যমিক শিক্ষা পৰিষদৰ এটা অনুষ্ঠানত উক্ত ঐচ্ছিক বাণিজ্য বিষয়ৰ পাঠ্যপুথিখন উন্মোচন কৰা হয়।

অনুষ্ঠানটোত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন,অসম চৰকাৰৰ শিক্ষা উপদেষ্টা মিহিৰ কান্তি চৌধুৰী আৰু বিশিষ্ট ব্যক্তিসকলৰ লগতে  অসমৰ সকলো জিলাৰ পৰা কিছুসংখ্যক বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষকসকল উপস্থিত থাকে। 

অনুষ্ঠানটোৰ আৰম্ভণি কৰি মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে কয়-'আজি অসমৰ বাবে এক  ঐতিহাসিক দিন। ২০২০ চনৰ পৰা বাণিজ্য বিষয়টো নৱম মানত ঐচ্ছিক বিষয় হিচাপে আমি সংযোগ কৰিম। বৰ্তমান যুগত আমাৰ ডাঙৰ সমস্যা হ'ল নিবনুৱা সমস্যা। কলা আৰু বিজ্ঞান শাখাত পঢ়ি হয়তো ভৱিষ্যতে নিজে নিজৰ ভৰিত থিয় দিব নোৱাৰিবও পাৰে, কিন্তু বাণিজ্যত ইয়াৰ সম্ভাৱনা অধিক থাকে।ঐচ্ছিক বাণিজ্য বিষয়ৰ এই পাঠ্যপুথিখনত প্ৰেক্টিকেলৰ বাবে  ৩০ নম্বৰ আৰু থিয়ৰীৰ বাবে ৭০ নম্বৰ থাকিব।'

'শিক্ষকসকলৰ যাতে প্ৰেক্টিকেলৰ ৩০ নম্বৰ বা থিয়ৰীৰ ৭০ নম্বৰৰ প্ৰশ্ন বাছনি কৰাৰ সময়ত কোনোধৰণৰ অসুবিধা নহয়,তাৰ বাবেও ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে।এই বিষয়টোৰ বাবে বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰৰ কিছু সময় লাগিব,কিন্তু ব্যক্তিগত বিদ্যালয়সমূহত নিজে লব পাৰিব'-জৈনে কয়। 

তেওঁ লগতে কয়-'কোনো শিক্ষকে নৱম আৰু দশম শ্ৰেণীৰ যদি এই ঐচ্ছিক  বাণিজ্য বিষয়ৰ কিতাপখন পঢ়াম বুলি ভাবে,তেনেহলে তেওঁলোকক ১৮ নৱেম্বৰৰ পৰা পাঁচদিনীয়া এটা প্ৰশিক্ষণ  দিয়া হ'ব।ছাত্ৰ-ছাত্ৰীসকলে যাতে পিছলৈ স্বাৱলম্বী  হ'ব পাৰে,তাৰ বাবে ইয়াত এটা পাঠ থাকিব।'

'নৱম শ্ৰেণীৰ ইংৰাজী মাধ্যমৰ বাবে ঐচ্ছিক বাণিজ্যৰ পাঠ্যপুথিখনৰ লেখক ধ্ৰুৱজ্যোতি বৰুৱা,ৰুণুমণি দাস লস্কৰ,কেচি দাস কমাৰ্চ কলেজৰ অধ্যাপক ৰতিকান্ত দেৱ পাঠক-এই তিনিগৰাকীলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ' বুলি মন্তব্য কৰে। 

অনুষ্ঠানটোত উপস্থিত থকা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয়-'মই অসম মাধ্যমিক শিক্ষা পৰিষদৰ সকলোকে ধন্যবাদ জনাইছোঁ। কিতাপখন পঢ়ি যথেষ্ট সন্তুষ্ট হৈছোঁ।নৱম-দশম শ্ৰেণীৰ আগতে বাণিজ্য শাখা নাথাকে। সেয়েহে একাদশ শ্ৰেণীত বাণিজ্য বিষয়টোৰ বাবে প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰে অসুবিধা হয়। এতিয়া হয়তো তেওঁলোকে নৱম শ্ৰেণীত বাণিজ্য বিষয়টো পঢ়িলে  পিছত ভাল ফল দেখুৱাব পাৰিব। নতুন শিক্ষানীতি অহা বছৰত হয়তো অৱলম্বন কৰিম।' 

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই লগতে কয়- 'নৱম মানৰ বাবে ঐচ্ছিক বাণিজ্য বিষয়টো খুবেই দৰকাৰী আছিল। শিক্ষাবিভাগৰ আগৰ বিশৃংখলাবোৰ এতিয়া নাই। আমাৰো যথেষ্ট আসোঁৱাহ আছে আৰু এই আসোঁৱাহসমূহ নাইকিয়া কৰিবৰ বাবে আমি চেষ্টা কৰি আছোঁ।  এই পাঠ্যপুথিখন প্ৰকাশ কৰি উলিওৱাৰ বাবে যিসকলে অশেষ কষ্ট কৰিছে,সেই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দশম শ্ৰেণীৰ বাবে যিখন পাঠ্যপুথি প্ৰণয়ন কৰিব,সেইখনো ভাল হ'ব বুলি মই আশাবাদী।'

'একাদশ-দ্বাদশৰ বাণিজ্যৰ শিক্ষকসকলে নৱম-দশমৰ ঐচ্ছিক বাণিজ্য বিষয়টো পাঠদান কৰিব পাৰিব। এই বিষয়টো বিদ্যালয়ত দিবৰ বাবে আমাৰ পৰা কোনো অনুমতি ল'ব নালাগে। ভুল হ'লে আঙুলিয়াই দিব লাগে, নহ'লে ঋণাত্মক চিন্তাধাৰাই সকলোকে হতাশ কৰে আৰু পিছলৈ কোনো প্ৰকল্প হাতত ল'বলৈ ভয় কৰে'-ভট্টাচাৰ্য্যই কয়।

'স্মাৰ্ট চিটীৰ অন্তৰ্ভুক্ত কৰি মহানগৰীৰ কিছুসংখ্যক বিদ্যালয়ত 'স্মাৰ্ট শ্ৰেণীকোঠা' নিৰ্মাণ কৰাৰ প্ৰকল্প অতি সোনকালে শেষ কৰিম' বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

'আনহাতে,যিসকলে ডিএলএডৰ নামভৰ্তি কেলেংকাৰি কৰিছে,সেইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ লগতে ২০১৭ চনৰ পিছত কোনো কলেজতে ডিএলএডৰ নামভৰ্তি কৰিব নোৱাৰে'বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Your Comments