আজি দিল্লী,মুম্বাইকে ধৰি দেশৰ প্ৰধান চহৰসমূহত মুক্তি লাভ কৰিলে 'বুলবুল কেন ছিং'-এ

Bulbul can sing

বিশ্ব পৰিচিত পৰিচালক তথা অসম কন্যা ৰীমা দাসৰ বহুচৰ্চিত ছবি 'বুলবুল কেন ছিং'-এ ২৭ ছেপ্টেম্বৰত মুক্তি পাইছে দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহত।যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যজুৰি মুক্তি পোৱা ছবিখনে শুকুৰবাৰে মুম্বাই, বেংগালুৰু, কলকাতা,দিল্লী আদি কৰি বহুকেইখন চহৰত মুক্তি লাভ কৰিছে।উল্লেখ্য যে চর্চিত ছবিখনে এই পৰ্যন্ত দেশ-বিদেশৰ ৪০টাকৈ ছবি মহোৎসৱত অংশগ্ৰহণ কৰি লাভ কৰিছে ১৩টাকৈ সন্মান।য'ত আছে মুম্বাই ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ ছবিৰ সন্মানৰ দৰে স্বীকৃতি।

গুৰুত্বপূৰ্ণ কথা এই যে 'ভিলেজ ৰকষ্টাৰ'ৰ পিছত পৰিচালক ৰীমা দাসে নিৰ্মাণ কৰা ছবি 'বুলবুল কেন ছিং'-এ 'ৰজত কমল বঁটা' লাভ কৰিছে।

Your Comments