ছাত্ৰ মুক্তি-আছু-এবিভিপি কাৰ দখললৈ যাব কটনৰ ছাত্ৰ একতা সভা:তুংগত উঠিছে প্ৰচাৰ অভিযান

Pic

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক লৈ উছাহৰ বন্যা গৰিমামণ্ডিত ঐতিহাসিক কটনৰ চৌহদত।একবিংশ শতিকাৰ আৰম্ভণিতে জ্ঞানৰ জ্যোতিৰে সমাজক আলোকিত কৰাৰ সংকল্পৰে প্ৰতিষ্ঠা লাভ কৰা কটন কলেজ,বৰ্তমান বিশ্ববিদ্যালয়ৰ ১০১সংখ্যক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব পহিলা অক্টোবৰত। বুধবাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লগা প্ৰাৰ্থীসকলৰ মনোনয়নপত্ৰ পৰীক্ষা কৰি ১৬ টা বিভাগৰ বাবে ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্ৰ বৈধ বুলি ঘোষণা কৰাৰ পিছত কটনৰ চৌহদত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান।বিভিন্ন পদত প্ৰতিদ্বন্দিতা কৰিব লগা প্ৰাৰ্থীসকলে সমৰ্থকসকলক লগত লৈ পুৱাৰে পৰা বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰচাৰ চলোৱা দেখা গৈছে। ছাত্ৰী-ছাত্ৰীসকলৰ পৰা পোৱা খবৰ অনুসৰি এইবাৰ নিৰ্বাচনী যুঁজখন হ'ব তিনিকোণীয়া।সেই অনুসৰি ছাত্ৰ মুক্তি,আছু আৰু এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দিতা।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ এইবাৰৰ নিৰ্বাচনত সভাপতি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে অংকিতা বৰুৱা,শশাংক কুমাৰ নাথ আৰু হীৰক জ্যোতি পাটোৱাৰীয়ে।উপ-সভাপতি পদত গীতোস্মিতা কলিতা, মনীষা ডেকা আৰু তৰালী দাস।সাধাৰণ সম্পাদকৰ পদত ঋষিকন্যা বাৎস, ৰাহুল বৰদলৈ আৰু সীমান্ত দাসে প্ৰতিদ্বন্দিতা আগবঢ়াছে।গুৰুত্বপূৰ্ণ কথা এই যে কটনৰ ১০১বছৰীয়া ছাত্ৰ একতাৰ সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদকৰ পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে ছাত্ৰীয়ে।বিশ্ববিদ্যালয় খনৰ অসমীয়া বিভাগৰ পঞ্চম ষাণ্মাসিকৰ তথা শ্বহীদ কনকলতা বৰুৱা ছাত্ৰী নিৰ্বাসৰ ছাত্ৰী ঋষিকন্যা বাৎসৱে প্ৰথমবাৰৰ বাবে কটনত ইতিহাস ৰচনা কৰি সাধাৰণ সম্পাদক পদৰ বাবে আগবঢ়াইছে প্ৰতিদ্বন্দিতা।

 

আনহাতে ২০১৯-২০বর্ষৰ ছাত্ৰ-একতা সভাৰ নিৰ্বাচনত ১৫টা বিভাগত মুঠ ৩৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে ছাত্ৰী জিৰণী চ'ৰা বিভাগত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে অনুভূতি দত্ত।

Your Comments