সন্থা গঠন কৰিয়ে চৰকাৰক দিলে হুংকাৰ-উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অনাশিক্ষক কৰ্মচাৰীসকল,কিন্তু কিয়?

Pic

অৱশেষত গঠন কৰা হ'ল ২০১১ চনৰ প্রাদেশিকীকৰণ আইনৰ জৰিয়তে, ২০১৫ চনত প্ৰাদেশিকীকৰণৰ বাবে যোগ্য বুলি শিক্ষা বিভাগৰ ৱেবচাইটত প্ৰকাশ পোৱা ১১০০জন অনাশিক্ষক কৰ্মচাৰীৰে সদৌ অসম প্ৰাদেশিকীকৰণ যোগ্য অনাশিক্ষক কৰ্মচাৰী সন্থা। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সভাপতি নৃপেন বৰুৱা আৰু সম্পাদক যুগল কুমাৰ শৰ্মাক নেতৃত্বৰ দায়িত্ব দি গঠন কৰা হয় ২১জনীয়া পূৰ্ণাংগ কমিটী। 
 
ইফালে পূৰ্ণাংগ কমিটী গঠন কৰিয়ে সদৌ অসম প্ৰাদেশিকীকৰণ যোগ্য অনাশিক্ষক কৰ্মচাৰীৰ সন্থাৰ দাবী  ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইনৰ জৰিয়তে নিয়মীয়াকৰণ কৰিব লাগিব তেওঁলোকৰ চাকৰি।কোনো কাৰণতে তেওঁলোকে মানি নলয় "The Assam Education(Provincialization of Services of Non-Teaching Staff of Venture Educational Institutions) Act2018। কাৰণ এই আইনখনত অনাশিক্ষক কৰ্মচাৰীসকলৰ বাবে ধৰি দিয়া নাই কোনো নিৰ্দিষ্ট যোগ্যতা।ইয়াৰ উপৰিও আইনখনৰ জৰিয়তে কৰ্মচাৰী সকলৰ বাবে ধৰি দিয়া হৈছে 'ফিক্সড-পে'। সেই অনুসৰি জ্যেষ্ঠ সহায়কৰ বাবে ১২,৪০০টকা,
কনিষ্ঠ সহায়কৰ ১০,৬০০টকা আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ৮,৪০০টকা। ইয়াৰ উপৰিও আইনখনৰ মতে তিনিবছৰৰ পাছত সেই ফিক্সড পে সামান্য বৃদ্ধি পায় জ্যেষ্ঠ সহায়কৰ ১৩,৭০০টকা, কনিষ্ঠ সহায়কৰ ১১,৮০০টকা আৰু চতুৰ্থ বৰ্গৰ ১০,০০০টকা হবগৈ।কিন্তু সেইয়া কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। যিহেতু ১৯৪৮ চনৰ শ্ৰমিক আইনৰ মতে এজন কৰ্মচাৰীৰ ন্যূনতম দৰমহা হ'ব লাগে ২৪,০০০টকা।সেয়েহে অনাশিক্ষক কৰ্মচাৰীসকলে মানি নলয় ২০১৮ প্ৰাদেশিকীকৰণ আইন।এই কথা প্ৰকাশ কৰে সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক যুগল কুমাৰ শৰ্মাই।লগতে শৰ্মাই কয় যদি উক্ত আইনৰ আধাৰত চাকৰি নিয়মীয়াকৰণ কৰা নহয়,তেন্তে অনাগত দিনত তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ।

উল্লেখ্য যে সংবাদ মেলখনত সন্থাৰ সভাপতি নৃপন বৰুৱা প্ৰমুখ্যে বহুসংখ্যক সদস্য উপস্থিত আছিল।

Your Comments