ব্যক্তিগত খণ্ডৰ ৪০ শতাংশ উদ্যোগ যে বন্ধ হৈ গৈছে,সেয়া মুখ্যমন্ত্ৰীয়ে গম পাইছেনে-প্ৰদ্যুৎ বৰদলৈ

Pic

'শিলে সাৰ পালে।তাৰ পিছতে দিলে এখন সংবাদমেল আৰু সংবাদমেলত বজালে মিছা জয়ঢোল'-বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। 

সংবাদমেলখন সম্বোধন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে-'শিলে সাৰ পোৱাৰ দৰে বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল পাতি উন্নয়নৰ জয়গান গালে।কিন্তু আমাৰ দেশত অৰ্থনীতি কেনেদৰে বিধ্বস্ত হ'বলৈ ধৰিছে,সেয়া সকলোৱে জানে।অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে বুৰ্বক বুলি ভাবিব নালাগে।'

'ভাৰতৰ জিডিপি ১২ শতাংশ হ'লেহে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ'ব পাৰিব। এতিয়া ২০০০ তকৈ অধিক অট'মোবাইল খণ্ডৰ ডিলাৰ বন্ধ হৈছে আৰু লাখ লাখ কৰ্মচাৰীৰ চাকৰি গৈছে।সৰ্বানন্দ সোণোৱালে কোৱাৰ দৰেই যদি সকলো লোকৰে উন্নতি হৈছে,তেন্তে কৰ্মসংস্থাপন নাইকীয়া হৈছে কিয়?বস্তুৰ মূল্য  বৃদ্ধি পাইছে কিয়?ফাঁচীবজাৰৰ দোকানীৰ হাততো এতিয়া পইচা-পাতি নোহোৱা হৈছে'-বৰদলৈয়ে কয়। 

তেওঁ লগতে কয় যে এতিয়া ক'ত গ'ল 'এডভান্টেজ আছাম'ৰ ১ লাখ কোটি টকাৰ বিনিয়োগ? মই মাজে মাজে কোন কোন কোম্পানীয়ে কিমান বিনিয়োগ কৰিছে ইয়াৰ তথ্য বিচাৰোঁ,যদিও কোনেও নিদিলে।

'ব্যক্তিগত খণ্ডৰ ৪০ শতাংশ উদ্যোগ যে  বন্ধ হৈ গৈছে,সেয়া মুখ্যমন্ত্ৰীয়ে গম পাইছে নে? কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱালে তেওঁ খবৰ কৰিছে নে?পতঞ্জলিৰ উৎপাদনৰ কাম অসমত আৰম্ভ হ'ল নে? এই সকলোবোৰৰ খবৰ মুখ্যমন্ত্ৰীৰ নাই' বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।  

বৰদলৈয়ে আৰু কয়-'মুখ্যমন্ত্ৰীয়ে ঢাক- ঢোল বজাই কামবোৰ আৰম্ভ কৰিছিল,কিন্তু পিছত সকলো ফুটুকাৰ ফেন হ'ল। মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভৰাটো দুখৰ কথা।'

'বৰ্তমান অসমত নিবনুৱা কিমান আছে অসমত? নতুন কিমান নিবনুৱা সৃষ্টি হৈছে,যোৱা দুটা বছৰত  কিমান লোকে কৰ্মসংস্থাপন হেৰুৱালে,মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক জনাব লাগে। আচলতে কালি তেওঁ কি কৈছিল আৰু প্ৰকৃত সত্যটো অসমৰ ৰাইজক জনাব লাগে' বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে,একেখন সংবাদমেলতে উপস্থিত থকা কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োয়ে কয়-'নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কিছুদিনৰ আগত কয়লা ছিণ্ডিকেট সন্দৰ্ভত কিছুমান তথ্য চৰকাৰক দিছিলে।যদি কংগ্ৰেছৰ নেতাসকলে চোৰ ধৰি দিব লাগে, তেনেহলে ধৰি দিম।'

'কয়লা ছিণ্ডিকেটৰ লগত জড়িত থকা ১৯ জন লোকৰ নাম তথ্য সহকাৰে প্ৰমাণ দিছোঁ। কিন্তু এতিয়ালৈকে প্ৰশাসনে এজনকো কিয় গ্ৰেপ্তাৰ কৰা নাই । মাৰ্ঘেৰিটা থানাৰ অ'চিজনৰ পুত্ৰ কয়লা ছিণ্ডিকেটত আওপকীয়াকৈ জড়িত হৈ আছে,সেয়েহে হয়তো তেওঁ ধৃতৰাষ্টৰ ভাও জুৰি আছে।মুখ্যমন্ত্ৰীগৰাকীয়েও ইমান দিনে মনে মনে আছে,যাৰ বাবে এতিয়া আমাৰ লাহে লাহে তেওঁৰ ওপৰতো সন্দেহ হৈছে । ১৯ জনীয়া এই তালিকা খন কংগ্ৰেছে প্ৰস্তুত কৰা নাই। এই তালিকাখন তেওঁলোকৰ  চৰকাৰী বিভাগ এটাই ১১ মাহৰ আগতেই প্ৰস্তুত কৰা'-মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে।

Your Comments