অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহ মেৰামতিৰ নামত ব্যাপক লুণ্ঠন চলিছে-দুৰ্নীতি বিৰোধী যুৱশক্তি,অসম

Pic

'চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক অসম পৰিবহণ নিগমৰ বাছসমূহত যাতায়ত কৰিবলৈ নিৰ্দেশ দিব লাগে।''ৰাজ্যত এতিয়া পৰিবহণ নিগমৰ শ্মশান যাত্ৰা চলিছে।'অসমত মাৰ্চিডিজ চলোৱাৰ আগত ভাল কৰক সকলো বাট-পথ।'মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যদি দায়িত্ব ল'ব নোৱাৰে তেনেহলে মন্ত্ৰিত্ব  ত্যাগ কৰক।'বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে 'দুৰ্নীতি বিৰোধী যুৱশক্তি,অসম'ৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। 

সংবাদমেলখনত ৰাজ্যখনৰ পৰিবহন বিভাগটোৰ ফোঁপোলা স্বৰূপটো দেখুৱাবলৈ গৈ ধৰ্মকান্ত গগৈয়ে কয় যে  বৰ্তমান ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ৰাজ্যখনত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ সংখ্যা হৈছে ১২৫৮ খন। ইয়াৰে চলাচল কৰিব পৰা অৱস্থাত আছে ৭০২ খন। ৩০০ খন বাছ ব্যৱহাৰৰ অনুপযোগী হৈ আছে। ২০০৫ চনৰ পৰা ২৫৬ খন বাছ মেৰামতিৰ বাবে গেৰেজত পৰি আছে। অৰ্থাৎ এইখন হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহন বিভাগৰ জুৰুলা ছবি।'

 'মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাৰ্চিডিজ চলাব বিচাৰিছে।কিন্তু যিসমূহ মাৰ্চিডিজ গাড়ী আহিলে,তাৰ তিনি-চাৰিখনৰ বাহিৰে বাকীসমূহ পঞ্জীয়নৰ অজুহাতত ভঙাগৰৰ এএছটিচিৰ কাৰ্যালয়ত ৰ'দে- বৰষুণে পৰি আছে" বুলি সভাপতি গৰাকীয়ে অভিযোগ কৰে।লগতে 'বৰ্তমান যিসমূহ বাছ বেয়া হৈ আছে সেই বেয়া হৈ থকা বাছসমূহৰ কৰ্মচাৰীসকলে দৰমহা পাই আছে' বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে । 


ধৰ্মকান্ত গগৈয়ে লগতে কয় যে ৰাজ্যৰ পৰিবহন বিভাগত ভয়াৱহ পৰিস্থিতি চলি আছে।উদাহৰণস্বৰূপে,লখিমপুৰ জিলাত অসম ৰাজ্যিক পৰিবহন নিগমৰ ২০ খন মান বাছ চলাচল কৰি আছে।কিন্তু,২০১৫ চনৰ পৰা ২০১৭ চনৰ জুন মাহলৈকে এই গাড়ীকেইখনৰ মেৰামতিৰ নামত                 ৬৪, ৭৪,৯৩২ টকা খৰছ কৰিছে।' 

'পৰিবহন নিগম ক্ৰয় কৰা  টায়াৰৰ মূল্য ২০১৫ চনৰ তুলনাত ২০১৯ চনলৈ বৃদ্ধি হ'ব লাগিছিল,যদিও মূল্য বৃদ্ধি নোহোৱা বিষয়টোত ধনৰ ব্যাপক লুণ্ঠন হোৱা পৰিলক্ষিত হৈছে' বুলিও তেওঁ কয়। 


তেওঁ আৰু কয়-'বৰ্তমান পৰিবহন নিগমৰ ৰ শ্মশান-যাত্ৰা চলি আছে। কিন্তু এই ক্ষেত্ৰত মন্ত্ৰী চন্দ্ৰমোহন পটোৱাৰীৰ  কোনো গুৰুত্ব নাই।চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰী বাছসমূহতহে উঠিব লাগিব বুলি নিৰ্দেশ দিব লাগে আৰু বাছসমূহ মেৰামতিৰ নামত যি লুণ্ঠন হৈছে সেই সমূহ বন্ধ কৰিব লাগে।'

Your Comments