শতবৰ্ষীয় কটনৰ ছাত্ৰ ৰাজনীতিত সাধাৰণ সম্পাদকৰ পদত প্ৰথমবাৰৰ বাবে ছাত্ৰীৰ প্ৰতিদ্বন্দিতা:মনোনয়নপত্ৰ দাখিল ঋষিকন্যা

Cotton elaction

তপন বৰগোঁহাইৰ প্ৰতিবেদন:

 

ৰাজ্য উচ্চশিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ ইতিহাসত এক নতুন সংযোজন ঘটিছে।গৰিমামণ্ডিত উচ্চশিক্ষা প্ৰতিষ্ঠানখনৰ ১০১ বছৰীয়া ছাত্ৰ-ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত মনোনয়নপত্ৰ দাখিল কৰিলে এগৰাকী ছাত্ৰীয়ে। অহা ১ অক্টোবৰত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'ব লগীয়া ছাত্ৰ একতা সভাৰ ২০১৯-২০বর্ষৰ নিৰ্বাচনত  সাধাৰণ সম্পাদকৰ পদত প্ৰথমগৰাকী ছাত্ৰী হিচাপে প্ৰতিদ্বন্দিতা কৰিব ঋষিকন্যা বাৎসৱে।বিশ্ববিদ্যালয়খনৰ শ্বহীদ কনকলতা বৰুৱা ছাত্ৰীনিবাসৰ ছাত্ৰী ঋষিকন্যাই বহুসংখ্যক সমৰ্থকক লগত লৈ বুধবাৰে বিশ্ববিদ্যালয়খনৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰ নিবাসৰ পৰা ঢোল,তাল, ডবা, বৰতাল বজাই এক দীঘলীয়া শোভাযাত্ৰা উলিয়াই দাখিল কৰে মনোনয়নপত্ৰ।

মনোনয়নপত্ৰ দাখিল কৰি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী ঋষিকন্যাই কয়- '১০১বছৰীয়া কটনৰ ছাত্ৰ-ৰাজনীতিত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰি সাধাৰণ সম্পাদক পদত  এগৰাকীৰ ছাত্ৰী হিচাপে মনোনয়নপত্ৰ দাখিল কৰিবলৈ সুবিধা পাই বিশ্ববিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীক ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।ছাত্ৰ-ছাত্ৰীসকলৰ সহায়- সহযোগিতাৰে আগন্তক দিনত বিশ্ববিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে কাম কৰাৰ সুযোগ প্ৰদান কৰিব বুলি মই যথেষ্ট আশাবাদী আৰু আত্মবিশ্বাসী'

ইয়াৰ উপৰিও ছাত্ৰীগৰাকীয়ে কয়-'মই প্ৰকৃততে এগৰাকী ছাত্ৰী হিচাপে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাই।প্ৰতিদ্বন্দিতা আগবঢ়াইছোঁ কটনৰ বাবে যাতে ভাল কাম কৰিব পাৰো।কটনৰ ঐতিহ্যমণ্ডিত ইতিহাস যাতে মই অক্ষুন্ন ৰাখিব পাৰোঁ, সেই ভাবিহে মই আগবাঢ়ি আহিছোঁ।'

ইফালে,ৰাজনীতি ভালপোৱা ছাত্ৰী ঋষিকন্যাই বৰ্তমান যদিও সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ভবা নাই,ভৱিষ্যতে ভাল পথ লাভ কৰা সুবিধা পালে,অসমৰ সক্ৰিয় ৰাজনীতিত আগবাঢ়িব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত কটনত বৰ্তমান সময়ত থকা বিভিন্ন সমস্যা,যেনে- পৰীক্ষাকেন্দ্ৰিক সমস্যাসমূহ সমাধান কৰাটোৱে তেওঁৰ প্ৰধান উদ্দেশ্য হ'ব বুলি উল্লেখ কৰে ঋষিকন্যাই।

গুৰুত্বপূৰ্ণ কথা এই যে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন।ইফালে মনোনয়ন পত্ৰ বুধবাৰে সন্ধিয়ালৈ পৰীক্ষা কৰি ফলাফল ঘোষণা কৰা হ'ব।

Your Comments