৮৬ সংখ্যক নলবাৰী ৰাস মহোৎসৱ : ১২ নবেম্বৰৰ পৰা ২৪ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূূচীৰে উদযাপনৰউদযাপন প্ৰস্তুতি 

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

অহা ১২ নবেম্বৰৰ পৰা ২৪ নবেম্বৰলৈ ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূূচীৰে ৮৬ সংখ্যক নলবাৰী ৰাস মহোৎসৱখন আয়োজন প্ৰস্তুতি তুংগত উঠিছে। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত উদযাপন হৈ অহা ৮৬ সংখ্যক ৰাস মহোৎসৱখন পৰিচালনা কৰাৰ বাবে স্থানীয় বিধায়ক অশোক শৰ্মাক সভাপতি আৰু হৰিমন্দিৰ সমিতিৰ অন্যতম সহকাৰী সম্পাদক সুবোধ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। এইবেলি ৰাস মহোৎসৱ উপলক্ষে বৰদৈচিলা, বৃন্দাবন, সূৰ্য, ৰাজমুকুট, ৰাজতিলক, হেঙুল আৰু ইতিহাস থিয়েটাৰে পৰ্যায়ক্ৰমে ১৮ নবেম্বৰৰ পৰা ২৪ নবেম্বৰলৈ নাট মঞ্চস্থ কৰিব।ইফালে উদযাপন সমিতিয়ে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন আখ্যান উপাখ্যানক মৃণ্ময় মূৰ্তিৰ সহায়ত জীৱন্ত ৰূপ দিয়াৰ লগতে মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ বিভিন্ন সমলেৰে ষ্টলসমূহ সজোৱাৰ প্ৰস্তুতি চলাইছে। আনহাতে কুৰিটাৰো অধিক ষ্টল বিজ্ঞান প্ৰযুক্তিৰ সহায়ত আকৰ্ষণীয় ৰূপত সজোৱাৰ ব্যৱস্থা হাতত লৈছে উদযাপন সমিতিয়ে। ইপিনে এই ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া "স্মৃতিগ্ৰন্থ'' খনৰ সম্পাদনাৰ বাবে সুকুমাৰ শৰ্মাক সভাপতি আৰু পংকজ বৰ্মনক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে উপহাৰ পত্ৰ খেল পৰিচালনা কৰাৰ বাবে কেশৱ বৰ্মনক সভাপতি আৰু হৰেন হালৈক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে।

ইফালে শ্ৰী শ্ৰী হৰিমন্দিৰৰ সন্মুখৰ ৰাষ্টাত নিৰ্মীয়মান অৱস্থাত থকা ব্ৰীজখনৰ ক্ষেত্ৰত ৰাইজে ভোগ কৰি অহা আহুকাল সমূহ নিৰাময়ৰ বাবে মঙলবাৰে ৰাতিপুৱা এখন উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি অশোক শৰ্মাৰ আহ্বানত হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, গড়কাপ্তানি বিভাগৰ অধীক্ষক অভিযন্তা দীপক বৰ্মন,গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস, ফ্লাই অভাৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ ডি ডি শৰ্মাৰ প্ৰতিনিধি আৰু পাপু আগৰৱালা উপস্থিত থাকে। উচ্চ পৰ্যায়ৰ সভাখনে ৰাস যাত্ৰীৰ বাবে সুচল যাতায়তৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে। নলবাৰী হৰিমন্দিৰত এখন সংবাদ মেল অনুষ্ঠিত কৰি 
স্থানীয় বিধায়ক তথা ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মা, হৰিমন্দিৰৰ সহকাৰী সম্পাদক সুবোধ ডেকা, বিষয়ববীয়া বানেশ্বৰ দাস, সুভাষ দেৱনাথ, সদস্য জোন কুমাৰ বৰ্মনকে ধৰি বিষয়ববীয়া-সদস্যসকল উপস্থিত থাকি এই কথা সদৰি কৰে ৷

Your Comments