মহানায়ক অমিতাভ বচ্চনক প্ৰদান কৰা হ'ব 'দাদা ছাহেব ফাল্কে বঁটা'

Amitabh

মহানায়ক অমিতাভ বচ্চনক শীঘ্ৰে প্ৰদান কৰা হ'ব সন্মানীয় দাদা ছাহেব ফাল্কে বঁটা।তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে মঙলবাৰে টুইটযোগে এই ঘোষণা কৰে।উল্লেখ্য যে ১৯৮৪  চনত 'পদ্মশ্ৰী',২০০১ চনত 'পদ্মভূষণ' আৰু ২০১৫ চনত 'পদ্ম বিভূষণ' সন্মানেৰে অমিতাভ বচ্চনক সন্মানিত কৰিছে কেন্দ্ৰীয় চৰকাৰে।১৯৬৯ চনত বলীউডৰ হিন্দী ছবিত অভিনয় আৰম্ভ কৰাৰ পিছত বৰ্তমানলৈ অভিনয় কেৰিয়াৰ অব্যাহত আছে মহানায়ক বচ্চনৰ।

Your Comments