থলুৱা জনগোষ্ঠীয় পোচাক,অসমীয়া গহনা সম্ভাৰেৰে আৰম্ভ 'ৰূপহী মেলা'

RUPAHI

থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ বাবে  দুই উদ্যমী অসমীয়া মহিলা শান্ত্বনা শৰ্মা আৰু মিত্রানী কাকতিয়ে আৰম্ভ কৰা 'ৰূপহী মেলা'ই চাৰিটা বছৰ সফলভাৱে  সমাপ্ত কৰাৰ পিছত মঙলবাৰৰ পৰা আৰম্ভ কৰিছে পঞ্চম বছৰৰ যাত্রা।বিগত বর্ষকেইটাৰ দৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ সত্যনাথ বৰা সভাগৃহত আগন্তক দূর্গাৰ পূজাৰ প্ৰতি লক্ষ্য ৰাখি আজি অৰ্থাৎ ২৪ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত কৰিছে ৰূপহী মেলা।

অসমীয়া পৰম্পৰাগত মুগা, পাটকাপোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয় পোচাকেৰে ভৰি পৰা ৰূপহী মেলাখন মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় শিল্পী মালবিকা বৰাই।ৰূপহী মেলাৰ প্ৰতিস্থাপক শান্ত্বনা শৰ্মাই জানিবলৈ দিয়া অনুসৰি ৩০ খনকৈ বিপনীয়ে অংশগ্ৰহণ কৰা  মেলাখনত বিভিন্ন থলুৱা জনগোষ্ঠীয় সাজ-পোচাকৰ উপৰিও উপলব্ধ হৈছে অসমীয়া গহনা আৰু ভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ।তেওঁ লগতে জানিবলৈ দিয়ে যে ৰূপহী মেলাখন বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয়।দুৰ্গা পূজা আৰু ব'হাগ বিহুৰ সময়ত অনুষ্ঠিত হোৱা মেলাখন বৰ্তমান সময়ত কেৱল গুৱাহাটীকেন্দ্ৰিক হৈ আছে যদিও আগন্তক দিনত ইয়াৰ পৰিসৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিস্তৃত কৰা হ'ব বুলি উল্লেখ কৰে।

ইফালে,মহানগৰীৰ সত্যনাথ বৰা সভাগৃহত  মঙলবাৰৰ পৰা আৰম্ভ হোৱা মেলাখন গ্ৰাহকৰ বাবে প্ৰতিদিনে পুৱা ১০বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে মুকলি থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

Your Comments