নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত 'সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজ'ৰ উদ্যোগত বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত দেওবাৰৰ পৰা পষেকীয়া কাৰ্যসূচীৰে সত্ৰ কৃষ্টিৰ পৰম্পৰাগত 'বৰদোৱা থূল'ৰ বৰগীত কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়।বটদ্ৰৱাৰ ঐতিহাসিক আকাশী গংগাৰ তীৰত আই খেৰসূঁতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই বৰগীত কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সৌৰভ পানীফুকনে। কৰ্মশালাৰ শুভাৰম্ভণি উপলক্ষে অনুষ্ঠিত সভাত পৌৰহিত্য কৰে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত আৰু সমাজ জীৱনত বৰগীতৰ প্ৰভাৱ তথা ইয়াৰ প্ৰচাৰ-প্ৰসাৰৰ বিষয়ে মনোজ্ঞ ভাষণ দিয়ে।সভাত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা,শিল্পী পেঞ্চনাৰ হৰিনাৰায়ণ কোঁৱৰ, অমিত দত্ত আৰু শিল্পী গুণ শইকীয়াকে প্ৰমুখ্যে কৰি কেইবাগৰাকী গণ্য মান্য লোকে অংশগ্ৰহণ কৰে।কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ ল'ব অসম চৰকাৰৰ সংগীত মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট বৰগীত শিল্পী মাজুলীৰ চামগুৰি সত্ৰৰ কৃষ্ণ গোস্বামী আৰু বিশিষ্ট সত্ৰীয়া শিল্পী ডম্বৰুধৰ গায়নে।উল্লেখযোগ্য যে কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যালয়ৰ সৈতে যোগাযোগৰ বাবে সাংস্কৃতিক বিষয়াই জনাইছে ।
- Log in to post comments
- 6 views