নিউজ ডেস্ক :
পানবজাৰ গাৰ্লছ হাইস্কুলৰ এগৰাকীৰ একাদশ শ্ৰেণীৰ ছাত্ৰীক আত্মীয়ৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পাছতে যোৱা শুক্ৰবাৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পানবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল ঘটনাৰ সন্দৰ্ভত এক গোচৰ।উক্ত গোচৰৰ ভিত্তিতে পানবজাৰ মহিলা আৰক্ষী থানাত ১৩৪/১৯নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ইউ/এছ ৩৭৬(ক)(খ)/৩৭৬(৩)আই পি চিত গোচৰ ৰুজু কৰি শনিবাৰে আত্মীয় অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া পোহৰলৈ আহিছে নতুন নতুন তথ্য।পানবজাৰ আৰক্ষীয়ে ঘটনাৰে অভিযুক্ত ছাত্ৰী গৰাকীৰ খুৰাক আৰু জেঠুয়েকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ঘটনাৰ অভিযোগকাৰী জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰে পানবজাৰ আৰক্ষীয়ে। দেওবাৰে পানবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰে শৰ্মাই। সাক্ষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত শৰ্মাই ছাত্ৰী গৰাকীৰ আত্মীয়ৰ বিৰুদ্ধে উথাপন কৰে বহু বিস্ফোৰক অভিযোগ।সেই অনুসৰি তেওঁ কয় ধৰ্ষিতা ছাত্ৰী গৰাকীৰ পিতৃক ছাত্ৰীগৰাকীৰ খুড়াকে বাঁহেৰে কোবাই হত্যা কৰিছিল বহু বছৰ পূৰ্বেই।এই কথা ছাত্ৰী গৰাকীৰ মাতৃয়ে গৌতম শৰ্মাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে।লগতে তেওঁ শৰ্মাক অৱগত কৰাৰ অনুসৰি স্বামীৰ ভাতৃ সেনাবাহিনীত কাম কৰিছিল তেওঁ কিন্তু সেই ঘটনাত তেওঁৰ জেল হৈছিল নে নাই সেই কথা অৱগত নহয় বুলি প্ৰকাশ কৰিছে।
ইফালে ধৰ্ষিতা ছাত্ৰী গৰাকীৰ পিতৃৰ বিয়োগৰ পাছতে মাতৃ দ্বিতীয় বিবাহত আবদ্ধ হৈছিল। নিৰ্যাতিতা ছাত্ৰী গৰাকীও সেই সময়ত মাকৰ লগতে আছিল। কিন্তু পৰৱৰ্তী সময়ত অভিযুক্ত লম্পত খুড়াক আৰু জেঠায়েকে বিভিন্ন কৌশলেৰে ছাত্ৰী গৰাকীক তেওঁলোকৰ ঘৰলৈ লৈ আনিবলৈ চেষ্টা কৰিছিল যদিও ছাত্ৰী গৰাকীৰ মাতৃ আৰু দ্বিতীয় পিতৃয়ে সেই কথাত সন্মত হোৱা নাছিল ছাত্ৰী গৰাকীক তেওঁলোকৰ ওচৰত গতাই দিবলৈ। কিন্তু পৰৱৰ্তী সময়ত গুৱাহাটীত ফুৰিবলৈ আহোঁতে কৌশলেৰে ছাত্ৰী গৰাকীক ৰাখি থৈছিল খুড়াকে।
সেই প্ৰশংগত গৌতম শৰ্মাই অভিযোগ উথাপন কৰি কয় "ছোৱালী জনীক পিতৃ মাতৃয়ে নিজে গতাই দিয়া নাছিল।জেঠায়েক বন্তি সন্দিকৈ, আৰু তেওঁৰ স্বামীৰ লগতে খুড়াক থানেশ্বৰ সন্দিকৈয়ে দায়িত্ব লৈ ছোৱালীজনীক গুৱাহাটীতে ৰাখিছিল।
তাৰ পৰৱৰ্তী সময়ত দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ উপাধি সলনি কৰি ডেকা কৰিছিল জেঠায়েক বন্তি সন্দিকৈয়ে। আনহে নালাগে বিদ্যালয়তো ছাত্ৰী গৰাকীৰ অভিভাৱকৰ নাম হিচাপে দিয়া আছিল জেঠায়েকৰ নাম।
ইফালে শৰ্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰা অনুসৰি ছাত্ৰী গৰাকীক ঘূৰাই অনাৰ কিছু দিন পাছৰ পৰাই বন্তি শৰ্মাৰ স্বামীয়ে যৌন নিৰ্যাতন চলোৱা আৰম্ভ কৰিলে। তাৰ পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক তেওঁলোকৰ পুত্ৰই যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে।লগতে তেওঁ কয় যে ছাত্ৰী গৰাকী ইমানেই দুৰ্ভগীয়া আছিল যে "খুৰাকৰ ঘৰত থাকিলে খুৰাকে যৌন নিৰ্যাতন চলাই জেঠায়েকৰ ঘৰত থাকিলে পুত্ৰই যৌন নিৰ্যাতন চলায়।
খুৰাকে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলাবলৈ কি পথ অৱলম্বন কৰিছিল সেই সন্দৰ্ভত শৰ্মাই কয় "দুৰ্ভগীয়া ছোৱালীজনীৰ এটা বেমাৰ আছিল।খুৰাকে ছোৱালীজনীক কৈছিল যৌন সম্পৰ্ক কৰিলে বেমাৰটো ভাল হৈ যাব। বয়সত ডাঙৰ হ'লে আৰু ঘৰৰ মানুহ হ'লে বেছি ভাল হয়" বুলিও বুজনি দিছিল।
ইফালে মেট্ৰিক পাছ কৰি ছাত্ৰী গৰাকীয়ে মাকৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি মাকৰ পৰিয়ালৰ অৱস্থা শোচনীয় হোৱা স্বত্তেও উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত মাকৰ লগতে থাকিছিল।
একেদৰে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই গৌতম শৰ্মাই কয় "আইনৰ যিসমূহ সুৰুঙা আছে গোটেইবোৰ বন্ধ কৰি ফাষ্ট ট্ৰেক আদালতত এই কাণ্ডটোৰ বিচাৰ হব লাগে। ছাত্ৰী গৰাকীয়ে উথাপন কৰা ভয়ংকৰ অভিযোগবোৰ অতি সোনকালে উচ্চ পৰ্যায়ৰ আৰু খৰতকীয়া তদন্ত হ'ব লাগে। দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায়" তাৰ ব্যৱস্থা কৰিব লাগে।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে শনিবাৰে ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা খুড়াক থানেশ্বৰ সন্দিকৈ চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ানত কৰ্মৰত তথা তেওঁৰ আছে শীৰ্ষ বহু আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে সু সম্পৰ্ক ।
একেদৰে ঘটনাৰে জড়িত অভিযুক্ত দেৱশীষ ডেকা এতিয়াও পলাতক।বিপৰীতে জেঠু হীৰুপ্ৰসাদ ডেকা আৰু খুৰাক থানেশ্বৰ সন্দিকৈক পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।জানিব পৰা মতে জেঠায়েক বন্তি সন্দিকৈয়ো হৈছে চতুৰ্থ অসম বেটেলিয়নৰ এগৰাকী কনিষ্টবল।
- Log in to post comments
- 16 views