অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি-সম্পাদক নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ

Pic

শতবর্ষ অতিক্ৰম কৰা অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ অসম সাহিত্য সভাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। আগন্তক অসম সাহিত্য সভাৰ ২০২০-২২ৰ নিৰ্বাচনক লৈ দেওবাৰে এক সংবাদমেল সম্বোধন কৰে সভাৰ নিৰ্বাচনী সমিতিখনে।আগন্তক নিৰ্বাচনৰ বাবে ইতিমধ্যে সভাই গঠন কৰি দিয়া নিৰ্বাচনী সমিতিখনৰ নিৰ্বাচনী বিষয়া বিজন মহাজনে কয় -'দেওবাৰৰ পৰা বলবৎ হ'ল নিৰ্বাচনী আচৰণবিধি।ফলাফল ঘোষণাৰ এদিন পিছলৈ অব্যাহত থাকিব আচৰণ বিধি।লগতে তেওঁ কয় যে আগন্তক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে অহা ৩ আৰু ৪ অক্টোবৰ তাৰিখে গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয়ত

 মনোনয়নপত্ৰ জমা দিব লাগিব। লগতে কোনো প্ৰাৰ্থীয়ে যদি মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বিচাৰে,তেন্তে ৭ অক্টোবৰ তাৰিখে ন্যূনতম দহগৰাকী  সমৰ্থকৰ স্বাক্ষৰভিত্তিত লিখিতভাৱে অৱগত কৰিব লাগিব মুখ্য নিৰ্বাচনী বিষয়াক।'

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ অসম  সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হব সংবিধানৰ গণ্ডীৰ ভিতৰত।কাৰণ,পূৰ্বে সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ নিয়মাৱলী অনুসৰি।

সংবাদমেলখনত নিৰ্বাচনী বিষয়া মহাজনে জানিবলৈ দিয়া অনুসৰি অহা ১ নৱেম্বৰৰ।পৰা ১০ ডিচেম্বৰলৈ অব্যাহত থাকিব ডাকযোগে ভোটদান প্ৰক্ৰিয়া।একেদৰে অহা ১৫ ডিচেম্বৰত সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহক অধিৱেশনত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল।

আনহাতে,নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সভাৰ সংবিধানৰ নিয়ম অনুসৰি প্ৰাৰ্থীগৰাকীৰ নাম ২৫ জন  আজীৱন সভ্যই প্ৰস্তাৱ কৰিব লাগিব।উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনক লৈ যথেষ্ট কঠোৰ হৈছে সাহিত্য সভাৰ নিৰ্বাচনী সমিতি।নিৰ্বাচনী সমিতিৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে দেওবাৰে সংবাদমেলখনত কয় যে এতিয়াৰে পৰা কোনো প্ৰাৰ্থীয়ে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ।কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি প্ৰমাণ হ'লে কৰ্তন হ'ব প্ৰাৰ্থিত্ব।

উল্লেখ্য যে অসম সাহিত্য সভাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰিছে নিৰ্বাচনী সমিতিখন।

Your Comments