'ছ'চিয়েল মিডিয়াত একাংশই অশ্লীল মন্তব্য দি খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া- মৰীয়া দেশী লোকসকলক অপমান কৰিছে।অসমীয়া জাতিত আমাৰ আঁকিযথেষ্ট অৱদান আছে। আমি গেদা বা গেদী নহয়।'এই বক্তব্য জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ।দৰঙৰ বুঢ়া আৰক্ষী চকীকাণ্ডৰ পিছতে ছ'চিয়েল মিডিয়াত একাংশই মুছলমান সম্প্ৰদায়ক লৈ বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে।সেই সন্দৰ্ভতে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ অভিবক্তা নেকিবুৰ জামানে এখন সংবাদমেল সম্বোধন কৰে।
সংবাদমেলখন সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা জামানে কয় যে বুঢ়া আৰক্ষী কাণ্ডক লৈ ছচিয়েল মিডিয়াত আমাৰ বিৰুদ্ধে যি প্ৰচাৰ কৰিছে,তাত আমি মানসিকভাৱে আঘাত পাইছোঁ।ছ'চিয়েল মিডিয়াত একাংশই আমাক,আমাৰ জনগোষ্ঠীক গেদা বুলি কৈছে।
জ্যেষ্ঠ অধিবক্তাজনে লগতে কয় যে অসম আন্দোলনত আমাৰ বহুতো মুছলমান লোকো শ্বহীদ হৈছিল।অসমীয়া সাহিত্য-সংস্কৃতিত আমাৰ যথেষ্ট অৱদান আছে। ইমান অৱদানৰ পিছতো আমাক গেদা বুলি কোৱাত আমি যথেষ্ট হতাশ হৈছোঁ। আমাক আজান ফকীৰৰ,বাঘ হাজৰিকাৰ বংশধৰ বুলি ক'ব লাগে। কিন্তু ছচিয়েল মিডিয়াত এতিয়া আমাক গেদা বা গেদী বুলি কৈছে।সমাজ ব্যৱস্থাটো সতৰ্ক হ'বলৈ হ'ল। নহলে আগন্তুক দিনত ই ভয়াৱহ ৰূপ ল'ব।
'আমি ধৰ্মীয়ভাৱে মুছলমান হয়,কিন্তু জাতি হিচাপে আমি অসমীয়া। আমাক অসমীয়া জাতিৰ পৰা আঁতৰাব নোৱাৰে। আমি অসমীয়া জাতিৰ এটা শক্তিশালী অংশ। দৰঙৰ কাণ্ডৰ লগত জড়িত ৰফুল আলীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক।তাত আমি কেতিয়াও বিৰোধিতা কৰা নাই।'ৰফুল আলীক লৈ যাতে সাম্প্ৰদায়িক মেৰু বিভাজন যাতে নকৰে, তাৰ বাবে সকলোকে অনুৰোধ জনাই জ্যেষ্ঠ অভিবক্তাগৰাকীয়ে।
তেওঁ আৰু কয়-'ঘটনাটো পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়াজনৰ ওপৰত যি ব্যৱস্থা ল'লে,তাত আমি যথেষ্ট সুখী হৈছোঁ।কিন্তু আইনৰ মতে যিমানেই অপৰাধী নহওক কিয়,মহিলাক কেতিয়াও সূৰ্যাস্তৰ পিছত আৰু সূৰ্য্য ওলোৱাৰ আগত কোনো কাৰণতে থানালৈ নিব নোৱাৰে। গতিকে সেই তিনিগৰাকী মহিলাক কিয় নিশাৰ ভাগতে থানালৈ নিয়া হ'ল,তাৰ উত্তৰ আমাক লাগে।৭ দিনৰ ভিতৰতে আৰক্ষীয়ে কি তথ্য পালে, তাক সকলোৰে আগত স্পষ্ট কৰক। মহিলা তিনিগৰাকীক গুৱাহাটীৰ পৰা লৈ যাওঁতে দিছপুৰ থানাত আৰু তেওঁলোকক উলিয়াই দিয়াৰ সময়ত পঞ্জীয়ন কৰিলে নে নাই আমাক কওক।'
''চৰকাৰে যদি পাৰে 'intercast' বিয়া বন্ধ কৰিবলৈ এখন আইন প্ৰস্তুত কৰক। কিন্তু আমাৰ মাজত মেৰু বিভাজন যাতে নকৰে''বুলিও তেওঁ কয়।
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আৰু কয় যে আমি লাহে লাহে সংখ্যালঘুলৈ পৰিণত হৈছে।কেইবছৰমানৰ পিছত হয়তো আমাৰ জাতিটো নাথাকিব। যিসকলে ধৰ্মীয় বিভাজন কৰিব বিচাৰিছে,সেইসকলক কোনেও গুৰুত্ব দিব নালাগে। চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা লব লাগে।
'ছ'চিয়েল মিডিয়াত ৰফুল আলী আৰু যুৱতীগৰাকীৰ ফটো যেনেদৰে প্ৰচাৰ চলাইছে সেইটো অতিকৈ নিন্দনীয় হৈছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে এতিয়া সমাজ ধ্বংস হৈছে।চৰকাৰে যদি তৎকালীনভাৱে কোনো ব্যৱস্থা নলয়, তেনেহ'লে আগন্তুক দিনত অসমত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াৰ বাবে চৰকাৰ দায়ী হ'ব' বুলিও তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 35 views