প্ৰাক-স্নাতক আৰু স্নাতক বর্ষত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা লক্ষ্যৰে সোণাপুৰ মহাবিদ্যালয়ে ব্যতিক্ৰমী প্ৰয়াস কৰিছে।'ষ্টাৰ চিমেণ্ট' নামৰ কোম্পানীটোৰ সহযোগত শনিবাৰৰ পৰা মহাবিদ্যালয়খনে আৰম্ভ কৰিছে 'প্ৰজ্ঞান' নামেৰে কেৰিয়াৰ বিষয়ক অনুষ্ঠানৰ। গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰ আৰু 'ষ্টাৰ চিমেণ্ট'ৰ উপাধ্যক্ষ প্ৰদীপ পুৰোহিতে 'প্ৰজ্ঞান'ৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ প্ৰমুখ্যে মহাবিদ্যালয়খনৰ বহুসংখ্যক ব্যক্তি।
উল্লেখ্য যে 'প্ৰজ্ঞান' অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা,বিভিন্ন প্ৰশাসনিক বিভাগসমূহৰ বিষয়সমূহ সন্দৰ্ভত জ্ঞান প্ৰদান কৰাটো 'প্ৰজ্ঞান'ৰ মূল লক্ষ্য বুলি অৱগত কৰে অধ্যক্ষ ড: দেৱব্ৰত খনিকৰে।
- Log in to post comments
- 10 views