অসম বিশেষ আৰক্ষীৰ বিষয়াসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Pic

ৰাজ্যৰ গৃহ বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।অহা ২৫ ছেপ্টেম্বৰৰ পৰা  দিছপুৰ লাষ্টগেটত ৰাজ্যৰ ১২১৪গৰাকী এছপিঅ জোৱানে ন্যায্য প্ৰাপ্তিৰ দাবীত সাব্যস্ত কৰিব অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী।এই কথা শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সম্পাদক আব্দুৰ ৰচিদে। সংবাদমেলখনত তেওঁ কয়-'সোণোৱাল চৰকাৰে অসমৰ দুখীয়া ৰাইজৰ পৰিৱৰ্তনৰ কথা কৈ ঢাক-ঢোল বজাইছে ঠিকেই,কিন্তু ২০১২ চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষ আৰু ২০০৮ চনৰ ডিমা হাছাওত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত অসম আৰক্ষীক সহায় কৰাৰ বাবে নিযুক্তি দিয়া এছপিঅ'সকল
আজি দুৰ্দশাগ্রস্ত।মাতৃভূমিক ৰক্ষা কৰাৰ বাবে বহুসংখ্যক এছপিঅ' জোৱানে মৃত্যুকো আঁকোৱালি লব লগা হ'ল,কিন্তু দুৰ্ভাগ্যৰ কথা সেইসকল এছপিঅ' জোৱানৰ চাকৰি আজি পৰ্যন্ত নিয়মীয়া নহ'ল।'

গুৱাহাটী প্ৰেছ ক্লাবত  আয়োজন কৰা সংবাদ মেলখনত উপস্থিত থাকি এছপিঅ'সকলৰ কল্যাণ সমিতিখনৰ সহকাৰী সম্পাদক নৰেশ্বৰ কুমাৰ নাথে কয়-'উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিয়া এছপিঅ' জোৱানৰ সংখ্যা বৰ্তমান সময়ত ১২১৪গৰাকী। এইসকল জোৱানক অসম চৰকাৰৰ গৃহ বিভাগত স্থায়ীভাৱে নিযুক্তি দিয়া বাবে বিভিন্ন সময়ত দাবী জনাই অহা হৈছিল যদিও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই সোণোৱাল চৰকাৰখনে।যাৰ ফলত এছপিঅ'সকলে অহা বুধবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।'

Your Comments