শনিবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত জনগোষ্ঠীয় সমন্বয় পৰিষদৰ এখন চোতাল সভা অনুষ্ঠিত কৰা হয়। সভাত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই সিদ্ধান্তসমূহৰ ভিতৰত আছে-অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ জনগোষ্ঠীয়েহে সাংবিধানিক সুৰক্ষা কৱচ পাব লাগে। সেই সন্দৰ্ভত সভাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি পৰিষদৰ আহ্বায়ক মুমিনুল আৱালে জনগোষ্ঠীয় সমন্বয় পৰিষদে শুকুৰবাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ ওচৰত তিনিটা বিষয় অৱগত কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা অৱগত কৰে।স্মাৰকপত্ৰত পৰিষদে অৱগত কৰা প্ৰথম বিষয়টো হ'ল-৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চন, তাৰিখ অথবা খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা বিচাৰি অযথা সময় নষ্ট কৰি লাভ নাই। প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কৱচ দিব লাগে।কোনো কাৰণতে পূৰ্ববংগ বা পশ্চিম পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা মানুহৰ সতি-সন্ততিয়ে সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিব নোৱাৰিব।
ইয়াৰ উপৰিও তেওঁ আৰু উল্লেখ কৰি কয় যে প্ৰব্ৰজিত মুছলমানৰ দ্বাৰা ২৫ টা বিধানসভা সমষ্টিত স্থানীয় জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে।গতিকে,এই ২৫টা বিধানসভা সমষ্টি স্থানীয় জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিব লাগে। অসম বিধানসভাত অসমৰ সৰু সৰু বহুকেইটা জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে এই সৰু সৰু,যেনে হাজং,দেউৰী, চাহ জনগোষ্ঠী,জলহা আদি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে।
শনিবাৰে মহানগৰীত অনুষ্ঠিত কৰা চোতাল সভাত এই দাবীসমূহৰ সমৰ্থনত এখন গণসমাৱেশ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰিও এই তিনিটা বিষয়ৰ লগতে এনআৰচিত স্থানীয় জনগোষ্ঠীৰ গৰিয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী,জলহাৰ নাম বাদ পৰা সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাৰো পোষকতা কৰে। লগতে এনআৰচিৰ পৰা নাম বাদ পৰা এই জনগোষ্ঠীসমূহৰ লোকসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম চৰকাৰক দাবী জনায়।
আহ্বায়ক আৱালে জানিবলৈ দিয়া অনুসৰি বিষয়সমূহৰ ক্ষেত্ৰত জনমত গঠনৰ উদ্দেশ্যেৰে অসমৰ বিভিন্ন স্থানত আগন্তক দিনত মঞ্চৰ তৰফৰ পৰা জনসভা অনুষ্ঠিত কৰা হ’ব।
- Log in to post comments
- 44 views