গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
যুৱ প্ৰজন্মৰ মাজত ব্যাধিস্বৰূপ হৈ পৰা ম'বাইল ফোনৰ অপব্যৱহাৰ তথা একেলগে ড্ৰাগছৰ কৱলত পৰা যুৱপ্ৰজন্মক সঠিক দিশলৈ আনিবলৈ শুকুৰবাৰে গোলাঘাট ফৰকাটিং অঞ্চলৰ আগশাৰীৰ ফৰকাটিং মহাবিদ্যালয় আৰু আঠগাঁও চাৰিআলি ক্ৰীড়া সন্থা আৰু পুথিভঁৰালৰ যৌথ উদ্যোগত ফৰকাটিং মহাবিদ্যালয়ৰ এনএছএছৰ সৌজন্যত সমাজ সচেতনতা বিষয়ক এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাত ক্ৰমাৎ সামাজিক ব্যাধিস্বৰূপ হৈ পৰা ম'বাইল ফোনৰ অপব্যৱহাৰ আৰু ড্ৰাগছৰ ভয়াবহতাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰা হয়। সভাত উত্থাপন হোৱা বিষয়ৰ আলোচনাই যুৱ প্ৰজন্মক এক পৰিবৰ্তনশীল দিশ দেখুৱাবলৈ কৰা প্ৰচেষ্টাক উপস্থিত সকলোৱে একমুখে প্ৰশংসা কৰে। ফৰকাটিং মহাবিদ্যালয়ৰ উপাধ্যক্ষ সীমান্ত পোদ্দাৰে সভাপতিত্ব কৰা সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰ, উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া , ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব শইকীয়াৰ লগতে সমল ব্যক্তিৰূপে প্ৰাক্তন অধ্যক্ষা বন্তিৰাণী ফুকনে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 32 views