নিউজ ডেস্ক :
দৰংৰ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে যি বাতৰি প্ৰচাৰ হৈ আছে সেয়া ৰহস্য জনক। লাভ জেহাদত বলি হোৱা যুৱতীক উদ্ধাৰ কৰাৰ বাবেই ষড়যন্ত্ৰ ৰ বলি হ'ল বুঢ়া আৰক্ষী চকী ৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা এই মন্তব্য হিন্দু জাগৰণ মঞ্চৰ সভাপতি মৃণাল লস্কৰৰ।
দৰংৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাক লৈ শুক্ৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত হিন্দু জাগৰণ মঞ্চই এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য প্ৰকাশ কৰে।
সংবাদমেলখন সম্বোধন কৰি হিন্দু জাগৰণ মঞ্চৰ সভাপতি মৃণাল কুমাৰ লস্কৰে কয় যে " দৰঙৰ বুঢ়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ বিষয় লৈ যেনেদৰে প্ৰচাৰ কৰি আছে তাত আমাৰ সন্দেহ আছে।"
"কিছুসংখ্যক ইছলামিক লোকে লাভ জেহাদ কৰিব বিচাৰিছে। অসমত এতিয়া বহু লাভ জেহাদ হৈছে। দৰংৰ যি পৰিকল্পিত ঘটনা হ'ল আমি তাক লাভ জেহাদ বুলি কৈছোঁ। অসমৰ হিন্দু ছোৱালী সকলৰ লগত কিছু সংখ্যক মুছলমান লোকে হিন্দুৰ নাম লৈ চিনাকি হৈ পিছত অপহৰণ পৰ্যন্ত কৰিছে। দৰংৰ ঘটনাও ঠিক সেইটোয়েই হৈছিল" বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয় যে " পুলিচ বিষয়া মহেন্দ্ৰ শৰ্মাই লাভ জেহাদৰ বলি হোৱা বহু কেইগৰাকী অপহৃত মহিলাক উদ্ধাৰ কৰিছিল। তেওঁক লৈ একাংশ ইছলামিক লোকে ষড়যন্ত্ৰ কৰিছে। তেওঁলোকক পুলিচ থানা লৈ নিয়াৰ ৭ দিনৰ পিছতহে প্ৰচাৰ মাধ্যমক কিয় কলে। ইমান দিনৰ পিছত কিয় প্ৰচাৰ মাধ্যমৰ ওচৰত আহিছে সেইয়াই ৰহস্য জনক" বুলিও তেওঁ মন্তব্য কৰে।
"অসম চৰকাৰে মহেন্দ্ৰ শৰ্মাৰ কোনো তদন্ত নকৰাকৈ নিলম্বন কৰাটো উচিত নহ'ল।নিৰপেক্ষ ভাবে তদন্ত কৰিব লাগে লগতে তেওঁৰ নিলম্বন উঠাই ল'ব লাগে" বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে।
অসম তথা উত্তৰ পূৰ্বাঞ্চলত একাংশ ইছলামিক লোকে লাভ জেহাদৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছে। য'ত হিন্দু যুৱতী সকলক তেওঁলোকৰ জালত পেলাই বিয়া কৰাই। চচিয়েল মিডিয়া লাভ জেহাদৰ মূল অস্ত্ৰ হৈ পৰিছে। সেয়েহে এই লাভ জেহাদৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাৰ লগতে তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে" বুলিও মৃণাল কুমাৰ লস্কৰে দাবী জনায়।
- Log in to post comments
- 8 views