অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত 'অসম সংগ্ৰামী মঞ্চ'ই শুকুৰবাৰে ৰাজগড়স্থিত দলৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে।সংবাদমেলখন সম্বোধন কৰি অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে কয়-'অসম চুক্তিৰ ৩৪ বছৰ পাৰ হৈ যোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰি অসমৰ বিভিন্ন দল-সংগঠনসমূহৰ পৰা ৬ নং দফাৰ ওপৰত মতামত বিচাৰিছে।অসম সংগ্ৰামী মঞ্চই অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ২৫ টা সাংবিধানিক সুৰক্ষাৰ প্ৰস্তাৱ উত্থাপন কৰি ৬ নং দফা সম্পৰ্কীয় কমিটীৰ অধ্যক্ষৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰিছোঁ।'
অসম চুক্তিৰ ৬ নং দফাসম্পৰ্কত অসম সংগ্ৰামী মঞ্চৰ মতামতসমূহ দাঙি ধৰি অদীপ কুমাৰ ফুকনে কয় যে ৬ নং দফা ৰূপায়ণ কৰিলেও কিন্তু ৫.৮ দফাটো বাতিল কৰিব নোৱাৰিব। কাৰণ,৫.৮ দফাটো বাতিল কৰিলে ৬ নং দফাৰ কোনো গুৰুত্ব নাথাকিব।
'অসম চুক্তিৰ ৬ নং দফাটোত অসমীয়াৰ সংজ্ঞা আছে আৰু ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰে এক সংঘাত লগাব বিচাৰিছিল। তাৰ পিছতে অসমৰ খিলঞ্জীয়াসকলে নিজকে অসমীয়া বুলি কবলৈ বিচৰা নাছিল। খিলঞ্জীয়া আৰু অসমীয়াক একাকাৰ কৰিলে অসমীয়াৰ সমস্যা সমাধান নহব'বুলিও তেওঁ কয়।
তেওঁ আৰু কয় যে অসমত পূৰ্ণ স্বায়ত্ব শাসন দিব লাগে। বিটিচিৰ দৰে সংবিধানৰ ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ দিব লাগে। ছয় জনগোষ্ঠীৰ জনজাতিকৰন কৰিব লাগে। কিন্তু ইতিপূৰ্বে স্বীকৃত জনজাতিসকলৰ অধিকাৰ যাতে খৰ্ব নহয়,তাৰ প্ৰতি চৰকাৰে সতৰ্কতা অৱলম্বন কৰিব লাগে।
'১৯৫১চনৰ এনআৰচিৰ ওপৰত ভিত্তি কৰি নাম থকাসকলৰ উত্তৰ পুৰুষৰ লোকসকলকহে নিকায় ,নিগম পঞ্চায়ত, ৰাজ্যসভা, লোকসভাত প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব লাগে'-ফুকনে সংবাদ মেলত মন্তব্য কৰে।
'ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগিব। অসমৰ ক্ষেত্ৰত দ্বিনাগৰিকত্ব প্ৰৱৰ্তন কৰিব লাগে' বুলিও মঞ্চৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে উল্লেখ কৰে।
তেওঁ লগতে কয়-'ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ নীতি নিৰ্দেশনা দিবৰ বাবে অসমত উচ্চ সদন গঠন কৰিব লাগে।উচ্চ সদন গঠনৰ বৰ্তমানৰ সাংবিধানিক ব্যৱস্থাৰ কিছু পৰিৱৰ্তন ঘটাই অসমৰ জনজাতি তথা জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ গঠন কৰিব লাগে।'
'কেন্দ্ৰীয় চৰকাৰে অসমৰ ভূমিক্ষেত্ৰৰ নামাকৰণ সলনি কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব। নগৰীয়া চিলিং আইন-১৯৭৬ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত অসমৰ ক্ষেত্ৰত প্ৰত্যাহাৰ কৰক'-ফুকনে কয়।
'পাকিস্তান-ভাৰতৰ সীমান্ত ছিল কৰাৰ দৰেই ভাৰত-বাংলাদেশ সীমান্তও ছিল কৰিব লাগে'-ফুকনে উল্লেখ কৰে।
'স্থায়ী বাসিন্দাৰ ক্ষেত্ৰত সম্পূৰ্ণ হোৱা এন আৰচিৰ ওপৰত ভিত্তি কৰিহে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়ক।সংবিধানৰ ৩৪৭ নং অনুচ্ছেদ অনুসৰি প্ৰশাসনিক ভাষা প্ৰচলনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিব লাগিব। অসমত ৰাজ্যভাষা হিচাপে অন্য ভাষা কেতিয়াও জাপি দিব নোৱাৰিব'-সংবাদমেলখনত অদীপ কুমাৰ ফুকনে মত প্ৰকাশ কৰে।
'কেব'আনিলে আগন্তুক সময়ত অসমত অসমীয়া ভাষা সংকটত পৰিব বুলিও তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 30 views