'এতিয়া দুৰ্নীতি নিৰ্মূল হ'বই নোৱাৰে,কাৰণ আমাৰ চৰকাৰৰ দিনত দুৰ্নীতি কৰা মন্ত্ৰীসকল এতিয়া বিজেপিত আছে।মঙলদৈৰ বুঢ়া আৰক্ষী চকীৰ বিষয়াজনক শাস্তি প্ৰদান কৰক।'বৃহস্পতিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
সংবাদমেলখন সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি কেইদিনমানৰ পূৰ্বে মঙলদৈত পুলিচ বিষয়াজনে যি বৰ্বৰ কাণ্ড কৰিলে,এনে আমানৱীয় কাণ্ড আগতে হোৱা নাই। তিনিওগৰাকী মহিলাক ৰাতি বিনা কাৰণত থানালৈ আনি যি পাশৱিক কাণ্ড কৰিলে,তাৰ দ্বাৰা বিজেপিৰ 'বেটী পঢ়াও,বেটী বচাও' শ্লোগানৰ গুৰুত্ব নোহোৱা কৰিলে।অসমৰ আইন-শৃংখলা ব্যৱস্থা অৱনমিত হৈছে।যাৰ কাৰণে এনেধৰণৰ ঘটনা হ'বলৈ পালে।এই ঘটনা সংঘটিত হোৱাৰ সূত্ৰত অসম আৰক্ষীৰ লগতে মুখ্যমন্ত্ৰীও ব্যৰ্থ হৈছে বুলি ক'ব পাৰি।
'যিসকল কালপ্ৰিট তেওঁলোকক শাস্তি দিব লাগে। ইয়াৰ আগতে শদিয়াৰ ঘটনাত যিসকল জড়িত আছিল,সেইসকলক ধৰিলে নে নাই আমি নাজানো।বুঢ়াৰ আৰক্ষী বিষয়াজনক নিলম্বন কৰাত মই সুখী নহয়। অকল নিলম্বনেই নহয়,তেওঁৰ শাস্তি হোৱাটো মই বিচাৰো' বুলিও গগৈয়ে মন্তব্য কৰে।
'মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত আমি সন্তুষ্ট নহয়।বুঢ়া আৰক্ষী থানাৰ বিষয়াগৰাকীক যাতে ৰক্ষণাবেক্ষণ দিব নোৱাৰে, তাৰ বাবে ন্যায়িক তদন্ত দিব লাগে।যাতে অসমত পিছলৈ যাতে এনেকুৱা ঘটনা কেতিয়াও নহয়'-তৰুণ গগৈয়ে কয়।
'য'ত সুৰক্ষা পাব লাগিছিল তাত পাশবিক কাণ্ড সংঘটিত হ'ল। যিসমূহ দল-সংগঠনে বিষয়াজনৰ হৈ মাত মাতিছে,তেওঁলোককো মই গৰিহণা দিছোঁ'-গগৈয়ে মন্তব্য কৰে।
আনহাতে,এনআৰচিৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে এনআৰচিয়ে সমস্যা সমাধান কৰাটো দূৰৰে কথা,ইয়াৰ বাবে নতুন নতুন সমস্যাৰহে সৃষ্টি হৈছে।এই এনআৰচিখনত বিদেশী চিনাক্তকৰণ নহৈ ভাৰতীয় খিলঞ্জীয়া লোকৰ নাম বাদহে পৰিল।খিলঞ্জীয়া লোকসকলক অপমান কৰাৰ অধিকাৰ বিজেপি চৰকাৰক কোনে দিলে,তেওঁলোকক হাৰাশাস্তি কৰাৰ অধিকাৰ ক'ত পালে?ভাৰত চৰকাৰে তদন্ত কৰিব লাগে যে লাখ লাখ ভাৰতীয়ৰ নাম কাৰ কাৰণে বাদ পৰিল। অসমীয়া খিলঞ্জীয়াৰ নামো ইয়াত বাদ পৰিল।যিসকল প্ৰকৃত খিলঞ্জীয়া তেওঁলোকৰ কাগজপত্ৰ ইমানকৈ চোৱাৰ দৰকাৰ নাছিল।যিসকলে এই মানুহবোৰৰ নাম বাদ পেলালে,যিসকলৰ জীৱন অন্ধকাৰ কৰিলে তেওঁলোকৰ ওপৰত গোচৰ দিব লাগে।'
'যিসকল খিলঞ্জীয়াৰ নাম বাদ পৰিল,সেইসকলৰ টকা-পইচা বিনা কাৰণত খৰছ হোৱাৰ সলনি সেইখিনিৰ পুনৰীক্ষণ কৰিব লাগে বুলি উচ্চতম ন্যায়ালয় আৰু ভাৰত চৰকাৰক কৈছোঁ। এনআৰচিয়ে বিদেশী নেখেদি স্বদেশীকহে বিদেশী সজালে। যদি বিদেশীৰ নাম সোমাইছে তেনেহলে অভিযোগ কৰক।ডি ভোটাৰ'ৰ কেচ ১ লাখতকৈও বেছি আছে।পুনৰীক্ষণৰ কাম সম্পূৰ্ণকৈ কৰিব নালাগে,নহ'লে ইয়াৰ বাবে আৰু বহু দিন লাগিব' বুলিও গগৈয়ে কয়।
তেওঁ লগতে কয়-আমি এই এনআৰচিখনৰ কাম নকৰিলো ভালেই হ'ল,ন'হলে বিজেপিয়ে আমি বিদেশী সোমাইছোঁ বুলি ক'লে হয়। যদি বিজেপিয়ে ১০ লাখতকৈ বেছি বিদেশী উলিয়াই দিব পাৰে,তেনেহ'লে মই ৰাজনীতি এৰাৰ লগতে ক্ষমাও খুজিম।'
ভাৰতৰ অৰ্থনীতিৰ অৱস্থাৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ভাৰতৰ অৰ্থনীতিৰ অৱস্থা বহুত বেয়ালৈ গৈছে। মোডীৰ জনপ্ৰিয়তা যেনেকৈ বাঢ়ি গৈছে,তেনেকৈয়ে নিবনুৱা সমস্যা বাঢ়ি গৈছে।এই চৰকাৰৰ দিনত মোতকৈ দুৰ্নীতি বেছি হৈছে।
'অসমত ছিণ্ডিকেটবোৰো চৰকাৰৰ পৃষ্ঠপোষকতাতে চলি আছে। এতিয়া অসমত দুৰ্নীতিৰাজ চলি আছে। ইয়াৰ পিছতো চৰকাৰে চকু মুদি আছে।গতিকে,ইয়াৰ পৰা গম পোৱা গৈছে যে চৰকাৰে ইয়াৰ ভাগ পায়। উন্নয়নৰ কাম- আজি স্তব্ধ হৈ আছে। মুখ্যমন্ত্ৰীয়ে,হিমন্ত বিশ্ব শৰ্মাই অৰ্ডাৰ দিয়াৰ পিছতো ৰাস্তা বেয়া হৈয়ে আছে।মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলক কোনেও গুৰুত্ব নিদিয়ে।এই চৰকাৰখন কাগজত আছে,কিন্তু কামত নাই।মোডীৰ হাৱাতহে বিজেপি চৰকাৰ চলি আছে। ২০২১ চনৰ নিৰ্বাচনত বিজেপি চৰকাৰ যে আহিব তাত সন্দেহ আছে' বুলিও তৰুণ গগৈয়ে কয়।
'অসমত কেতিয়াও দুৰ্নীতি শেষ নহয়,কাৰণ আমাৰ চৰকাৰৰ দিনত যিখিনি মন্ত্ৰীয়ে দুৰ্নীতি কৰিছিল,সেই একেখিনি মন্ত্ৰীয়ে এতিয়া বিজেপিত আছে-গতিকে দুৰ্নীতি কিয় নহব' বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
- Log in to post comments
- 42 views