বিশ্বকৰ্মা পূজাৰে আৰম্ভ হ'ল পূজাৰ বতৰ : ব্যাপক উচাহেৰে বিশ্ব খনিকৰক আদৰিবলৈ সাজু ৰাজ্যবাসী

biswakarma

নিউজ ডেস্ক :

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা।ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্ব খনিকৰ বিশ্বকৰ্মাক আদৰিবলৈ সাজু হৈছে মহানগৰবাসী।  মহানগৰীৰ বজাৰ সমূহত পূজাৰ সা সামগ্ৰী উভৈনদী হোৱাৰ লগতে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিৰে বজাৰ ভৰি পৰিছে। যিহেতু বিশ্বকৰ্মা পূজাৰ পৰাই আৰম্ভ হয় পূজাৰ বজাৰ। সেয়েহে ৰাজ্যবাসীয়ে এতিয়া বিশ্বকৰ্মাক আদৰিবলৈ সাজু হৈছে।biswakarma 

সৰু ডাঙৰ বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিৰ লগতে নানা ৰঙীন মালাও বজাৰ সমূহত উপলব্ধ হৈছে। এই মৃন্ময় মূৰ্তি সমূহৰ দাম  ১৫০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত । কিন্তু যোৱা বছৰৰ তুলনাত এইবাৰ মূৰ্তি সমূহৰ দাম বৃদ্ধি পোৱাৰ লগতে যোৱাৰৰ তুলনাত এইবাৰ বিক্ৰী কম  বুলিও বিক্রেতা সকলে জানিবলৈ দিয়ে।

Your Comments