চিকিৎসাধীন প্ৰসূতি পত্নীলৈ গাখীৰ আনিবলৈ যোৱা স্বামীক মৰিয়াই হত্যা জিএমচিএইত

Image

মঙলবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হয় এক হৃদয়বিদাৰক  ঘটনা।পুৱা ৫.৩০ বজাত মেডিকেল কলেজখনৰ প্ৰসূতি বিভাগৰ বাৰাণ্ডাত ৰোগীৰ আত্মীয় ইছলাম আলী নামৰ এজন ব্যক্তিয়ে মৰিয়াই হত্যা কৰে মহানগৰীৰ বশিষ্ঠ নতুন বজাৰৰ চন্দন ধৰক। 

ভঙাগড় আৰক্ষীৰ থানাৰ পৰা পোৱা খবৰ অনুসৰি হত্যাকাৰী ইছলাম আলীৰ আত্মীয় চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ আছিল। ফলত ইছলাম আলী আৰু তেওঁৰ পত্নী চিকিৎসাধীন হৈ থকা প্ৰসূতিগৰাকীৰ অভিভাৱক হিচাপে জিএমচিএইছৰ প্ৰসূতি কক্ষৰ বাৰাণ্ডাতে শুই আছিল।তেনেতে মেডিকেলখনতে যোৱা শনিবাৰে এটি কন্যা সন্তান জন্ম দিয়া বশিষ্ঠৰ এগৰাকী প্ৰসূতিৰ স্বামী চন্দন ধৰ নামৰ ব্যক্তিজনে চিকিৎসাধীন হৈ থকা প্ৰসূতি পত্নীলৈ বুলি গাখীৰ আনিবৰ বাবে হাতত এটা পাত্ৰ লৈ ওলাই আহিছিল।কিন্তু প্ৰসূতিৰ পত্নীৰ লগত মেডিকেলত দুটা ৰাতি থকা চন্দন ধৰৰ ভালদৰে টোপনি নহাত গাখীৰ আনিবলৈ ওলাই যাওঁতে উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ মূৰ ঘূূৰাই বাৰাণ্ডাত শুই থকা ইছলাম আলীৰ পত্নীৰ গাত পৰে।লগে লগে ধৃত ইছলাম আলীয়ে পত্নীৰ লগত অশোভনীয় কার্য কৰিবলৈ লোৱা বুলি কোনো সোধ-পোছ নকৰাকৈ দুৰ্ভগীয়া চন্দন ধৰক বেয়াকৈ মাৰধৰ কৰে। পিছত ততাতয়াকৈ চন্দন ধৰক   ধৃত ইছলাম আলীৰ নিৰ্মম প্ৰহাৰৰ উদ্ধাৰ কৰি জিএমচিএইচৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে ভঙাগড় আৰক্ষীয়ে জিএমচিএইচৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী ইছলাাম আলীক। ভঙাগড় আৰক্ষীয়ে হত্যাকাৰী আলীক গ্ৰেপ্তাৰ কৰি ৩৯৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ইউ/এছ-৩০২ ধাৰাৰ অধীনত কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

Your Comments