বিশ্বকৰ্মা পূজা : মাছখোৱাৰ কুঁহিয়াৰ বজাৰলৈ দৈনিক আহিছে ৭০-৮০ হাজাৰ কুঁহিয়াৰ

kuhiyar

তপন বৰগোঁহাইৰ প্ৰতিবেদন:

বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীটো দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মা পূজাক লৈ ব্যাপক প্ৰস্তুতি।মহানগৰীৰ বজাৰ ইতিমধ্যে ভৰি পৰিছেহি পূজাৰ বিবিধ সামগ্ৰীৰে। মহানগৰীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ কুঁহিয়াৰ বজাৰখনতো দেখিবলৈ পোৱা গৈছে দম-দমকৈ থৈ দিয়া শ শ কুঁহিয়াৰৰ মুঠা।মূলত বিশ্বকৰ্মা পূজাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কুঁহিয়াৰ বজাৰ খনত শনিবাৰৰ পৰা দৈনিক আহিব লৈছে ৭০ৰ পৰা ৮০হাজাৰ ডালকৈ কুঁহিয়াই। এই কথা জানিবলৈ দিছে কুঁহিয়াৰ ব্যৱসায়ী আব্দুল মুন্নাই।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰতকৈ এইবাৰ বজাৰ খনত হ্ৰাস পাইছে কুঁহিয়াৰৰ বিক্ৰী।উল্লেখ যে মূলত সোনতলীত উৎপাদিত হোৱা কুঁহিয়াৰেৰে ভৰি পৰা বৰ্তমানৰ বজাৰ খনত প্ৰায় ৬০ৰ পৰা ৭০জন ব্যৱসায়ী জড়িত হৈ আছে।

ইয়াৰ উপৰিও বজাৰখনৰ ব্যৱসায়ী সকলে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ বছৰ সমূহত মূলত  বিশ্বকৰ্মা পূজাৰ সময়তে বজাৰখনত প্ৰত্যেক দিনে ব্যৱসায়ী সকলৰ ৬০-৭০হাজাৰ টকাৰ কুঁহিয়াৰ বিক্ৰী হৈছিল। তাৰ বিপৰীতে অন্য দিনবোৰত ৭ৰ পৰা ১০হাজাৰ টকাৰ কুঁহিয়াৰ বিক্ৰী হয়।কিন্তু এইবর্ষৰ তাৰ তুলনাত কিছু হ্ৰাস পাইছে কুঁহিয়াৰৰ বিক্ৰী। তথাপিও তেওঁলোক আশাবাদী, বিশ্বকৰ্মা পূজাৰ বাবে বিক্ৰী এইবাৰো ভাল হ'ব বুলি।

উল্লেখ যে মাছখোৱা কুঁহিয়াৰ বজাৰ খনলৈ মহানগৰীৰ উপৰিও তেজপূৰ,নগাঁও, সোণাপুৰ,জাগীৰোড, ৰঙিয়া, চাংসাৰি আদিৰ পৰাও গ্ৰাহক আহে বুলি জানিবলৈ দিছে কুঁহিয়াৰ ব্যৱসায়ী আবুল কালামে।তেওঁ লগতে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বজাৰ খনত এডাল কুঁহিয়াৰৰ দাম ৮ৰ পৰা ১২টকা।

Your Comments