প্ৰধানমন্ত্ৰীৰ জন্মদিন :  ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ "সেৱা সপ্তাহ" কাৰ্যসূচী

bjp

নিউজ ডেস্ক :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে ১৪ ছেপ্টেম্বৰৰ পৰা ২০ছেপ্টেম্বৰ লৈকে পালন কৰিব"সেৱা সপ্তাহ" । 
এই "সেৱা সপ্তাহ"ত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী সকলে বহু সমাজ কল্যাণমূলক কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰিছে। 


এই সেৱা সপ্তাহ উপলক্ষে শনিবাৰে পুৱাই ৰাজ্য খনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গৈ ৰক্ত দান কৰে। 


ৰক্তদান কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে" এই সেৱা সপ্তাহত আমি প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ, দিব্যঙ্গ লোক সকলক একো একো জন বিশেষজ্ঞ চিকিৎসকৰ লগত সম্পৰ্ক কৰি দিয়াৰ উপৰি বিভিন্ন বৃদ্ধাশ্ৰম আৰু হস্পিতাল সমূহত দুখীয়া ৰোগী সকলক শুশ্ৰূষাৰ কিছু ব্যৱস্থা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ৭ দিনীয়া এক বিশাল কাৰ্য্যসূচী হাতত লৈছে"। 


"প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনটোত আমি বিভিন্ন প্ৰকাৰৰ সেৱাৰ জৰিয়তে জনসাধাৰণৰ ওচৰত যাতে আকৌ এবাৰ নিজক উচৰ্গা কৰিব পাৰো এই উদ্দেশ্য সৰোগত কৰিয়েই এই "সেৱা সপ্তাহ" পালন কৰা হ'ব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

Your Comments