বৰাকত ডেৰ লাখ খিলঞ্জীয়া বাদ পৰাৰ বিপৰীতে এন আৰ চিত তিনিলাখ সন্দেহযুক্ত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ খিলঞ্জীয়া সংগঠনৰ

barak

নিউজ ডেস্ক :

অসমৰ ৰাজনীতিত আহোম যুগৰ ল'ৰা ৰজাৰ শাসনৰ পুনৰাবৃত্তি হৈছে। প্ৰকাশিত এনআৰচিক লৈ বৰাক উপত্যকাত খিলঞ্জীয়া ৰাইজ চিন্তিত হোৱাৰ সময়তে ভুৱা তথ্যৰে এনআৰচিত নাম অন্তভুক্তি হোৱা বাংলাদেশীয়ে এতিয়া আটচবাজী ফুটাই আনন্দ কৰিছে। এই বিস্ফোৰক মন্তব্য "আসাম খিলঞ্জীয়া জনসুৰক্ষা কমিটি" নামৰ সংগঠনটোৰ।শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত প্ৰকাশিত এনআৰচিত সন্দৰ্ভত সংগঠনটোৰ সভাপতি সহদেৱ ৰাজবংশীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে "যোৱা ৩১আগষ্টত প্ৰকাশিত এনআৰচিৰ পৰা বৰাক উপত্যকাৰ তিনিখন জিলাত ১লাখ ৫০হাজাৰ খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে। তাৰ বিপৰীতে আশ্বৰ্যজনকভাৱে উপত্যকাটোত প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত নাম অন্তভুক্তি হৈছে ৭১চনৰ পাছত অহা প্ৰায় তিনিলাখ সন্দেহযুক্ত বাংলাদেশীৰ নাম।লগতে তেওঁ জানিবলৈ দিয়া অনুসৰি উপত্যকাটোত নাম বাদ পৰা খিলঞ্জীয়া সকল মূলত ডিমাছা, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আদি সম্প্ৰদায়ৰ লোক। সেয়েহে তেওঁলোকৰ দাবী প্ৰকাশিত এনআৰচিৰ এশ শতাংশ পুনৰীক্ষণ হ'ব লাগে বৰাক উপত্যকাত। 

ইয়াৰ উপৰিও সংবাদ মেলত সংগঠনটোৰ সভাপতিৰ স্পষ্ট ঘোষণা উপত্যকাটোত নাম বাদ পৰা খিলঞ্জীয়া সকল কোনো কাৰণতে এনআৰচিত নাম অন্তভুক্তিৰ বাবে বিদেশী ন্যায়াধীকৰণৰ ওচৰলৈ নাযায়।তাৰ পৰিৱৰ্তে তেওঁলোকৰ নাম কৰ্তৃপক্ষই ঘৰে ঘৰে আহি অন্তভুক্তি কৰিব লাগিব বুলি তেওঁ দাবী উত্থাপন কৰে।

একেদৰে সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক ছেৰ্মা হেৰাজিৎ সিংয়ে কয় বৰাকৰ হিন্দু বঙালী সংগঠন সমূহে বিৰোধিতা কৰা অসম চুক্তিৰ ছয় নম্বৰ দফা বৰাকত কাৰ্যকৰী কৰিব লাগে।এই দফাৰ প্ৰতি বৰাকৰ খিলঞ্জীয়াৰ পূৰ্ণ সমৰ্থন থকা বুলিও তেওঁ জানিবলৈ দিয়ে।
 
আনহাতে উপত্যকাটোৰ তিনিখন জিলাৰ ১৫টা বিধানসভাৰ সমষ্টি, ২টা সংসদীয় সমষ্টি এশ শতাংশ খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিব লাগে বুলিও সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰলৈ তেওঁ দাবী জনায়।লগতে কয় যি সকল ব্যক্তিয়ে আগন্তক সময়ত নিৰ্বাচনত অৱৰ্তীন হব তেওঁলোক যে সম্পূৰ্ন খিলঞ্জীয়া তাৰ বাবে ৫১চনৰ আগৰ প্ৰমান পত্ৰ নিৰ্বাচন আয়োগৰ ওচৰত অৰ্পন কৰাৰ বাবে নিয়ম বান্ধি দিবলৈও তেওঁ আহ্বান জনায়।

এই সন্দৰ্ভত তেওঁলোকে ইতিমধ্যে ৰাজ্য চৰকাৰক লিখিত ভাৱে অৱগত কৰা বুলিও সংবাদ মেলত জানিবলৈ দিয়ে।

Your Comments