ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰীয় বৈদিক সন্মিলনত  আমন্ত্ৰিত নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱা

tripura

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্রতিবেদন : 

 ত্ৰিপুৰা বিশ্ববিদ্যালয়ত অহা ২০ ছেপ্টেম্বৰত উজ্জয়িনীৰ মহৰ্ষি সন্দীপনি বেদবিদ্যা সংস্কৃত প্ৰতিষ্ঠান আৰু প্ৰাচ্যবিদ্যা প্ৰতিষ্ঠান,অসমৰ বিশেষ সহযোগত তথা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত  আয়োজন কৰা হৈছে ''ক্ষেত্ৰীয় বৈদিক সন্মিলন'' । তিনিদিনীয়া এই সন্মিলনত নগাঁৱৰ এজন শিল্পীয়ে এলানি সংস্কৃত গীত-শ্লোক-স্তোত্ৰ পৰিৱেশন কৰিব । শিল্পীজন হৈছে নগাঁৱৰ বেবেজীয়াৰ সমীপৰ ব্ৰাহ্মণ গাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু  অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুভদ্ৰা বেজবৰুৱাৰ পুত্ৰ ৰঞ্জন বেজবৰুৱা । উল্লেখ যোগ্য যে  ইতিমধ্য ভিন্নসুৰী সংস্কৃত গীত পৰিৱেশনেৰে দেশে-বিদেশে প্ৰসিদ্ধ লাভ কৰা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সৈতে ত্ৰিপুৰালৈ যাবলৈ সাজু হৈছে বাঁহীবাদক প্ৰাঞ্জল বৰাৰ পৰিচালনাত অতুল মহন্ত, অভিষেক ধৰ, শান্তনু বৰা, দ্বীপেন দাসেৰে গঠিত এটি নিৰ্বাচিত বাদ্য শিল্পীদল । শিল্পী ৰঞ্জন বেজবৰুৱাৰ লগতে বাদ্যশিল্পীৰ দলটিয়ে  শাস্ত্ৰীয় আৰু লোকসংগীতৰে  ত্ৰিপুৰাবাসী ৰাইজক আনন্দিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

nagaon
জানিব পৰা মতে  শিল্পী বেজবৰুৱাৰ অনুষ্ঠানত স্থান পাব বৈদিক স্তৱ-স্তোত্ৰ, পুৰণি অসমৰ শ্লোকাদিৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ, কবিগুৰু ৰৱীন্দ্ৰনাথ, মীৰাবাঈ, তুলসীদাস, নৰসিংহ মেহতাৰ পৰা ডঃ ভূপেন হাজৰিকা, হেমন্ত মুখাৰ্জী, এ আৰ ৰহমানলৈ বিশিষ্ট সংগীতকাৰৰ গীতৰ ৰূপান্তৰ আৰু অন্যান্য মৌলিক সংস্কৃত গীতে।
অনুষ্ঠানত  দেশৰ ভালেসংখ্যক স্বনামধন্য বেদবিদ পণ্ডিতৰ বৈদিক কৃষ্টিৰ চৰ্চাৰে মুখৰিত হ'ব লগা এই সন্মিলনলৈ সকলোকে আদৰণি জনাইছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিজয় কুমাৰ লক্ষ্মীকান্ত ৰাও ধাৰুৰকৰ,  প্ৰাচ্যবিদ্যা সংস্কৃত প্ৰতিষ্ঠানৰ আচাৰ্য্য বিৱেক কুমাৰ মিশ্ৰ প্ৰমুখ্যে ব্যক্তিসকলে।

Your Comments