মুক্তিৰ দিনা আয়ুষ্মানৰ 'ড্ৰীম গার্ল'ৰ সন্তোষজনক উপাৰ্জন

বলীউডৰ তাৰকা অভিনেতা আয়ুষ্মান খুৰানা অভিনীত ছবি 'ড্ৰীম গাৰ্ল'-এ শুকুৰবাৰে মুক্তিৰ প্ৰথম দিনা সন্তোষজনক উপাৰ্জন  কৰিছে।খুৰানাৰ বহু প্ৰতীক্ষিত ছবিখনে মুক্তিৰ দিনা ১০ কোটি ৫ লাখ টকা উপাৰ্জন কৰে।উল্লেখ্য যে 'ড্ৰীম গাৰ্ল' আয়ুষ্মান খুৰানাৰ এতিয়ালৈকে সৰ্বাধিক অপেনিং দিয়া ছবি হিচাপে চিহ্নিত হৈছে।'ড্ৰীম গাৰ্ল'ত আয়ুষ্মানে ছোৱালীৰ মাত উলিয়াব পৰা এজন পুৰুষৰ চৰিত্ৰত অভিনয় কৰিছে।ৰাজ ছানিলায়াই পৰিচালনা কৰা ছবিখনত আয়ুষ্মানৰ সৈতে অভিনয় কৰিছে নুচৰৎ ভাৰুছা,মনজোৎ সিং,বিজয় ৰাজ আদিয়ে।

Your Comments