মুম্বাইৰ পৰা অসম সন্তান হৰ্ষিতৰ আহ্বান "মোক অলপ মৰম দিয়ক"

harxit

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই  :

ছনি টিভিৰ ৰিয়েলিটি শ্ব'ৰ প্ৰথম দহটা স্থানত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে অসম সন্তান হৰ্ষিত নাথে।ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ জড়িয়তে  উজলি উঠিছে অসম সন্তান হৰ্ষিত নাথ। শিৱসাগৰৰ ৮ বছৰীয়া হৰ্ষিত নাথে ছনি টিভিৰ ৰিয়েলিটি শ্ব' চুপাৰ ষ্টাৰ চিংগাৰত প্ৰথম দহটা স্থানত প্ৰৱেশ কৰি ইতিমধ্যে নিজৰ সুমধুৰ কন্ঠৰে দৰ্শক তথা বিচাৰকক অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে হৰ্ষিত। ছনি টিভিত প্ৰচাৰিত  প্ৰতিটো  খণ্ডতে সুন্দৰভাৱে গীত পৰিবেশনৰ জড়িয়তে বিচাৰক তথা অতিথিত আকৰ্ষিত কৰিছিল অসম সন্তান হৰ্ষিত নাথে। 

উল্লেখ্য যে শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথ। সৰুৰে পৰা সংগীতৰ চৰ্চা কৰা হৰ্ষিত নাথ বৰ্তমান শিৱসাগৰৰ অডিঅ চিটিত গুৰু জয়ন্ত দত্ত আৰু অতনু বৰাৰ তত্বাধাৱনত সংগীতৰ শিক্ষা লাভ কৰি আছিল।

প্ৰতিযোগীতাত এতিয়াৰে পৰা আৰম্ভ হৈছে ভোটিং প্ৰক্ৰিয়া। সমগ্ৰ অসমবাসীৰ পৰা হৰ্ষিতে বিচাৰিছে অলপ মৰম, আৰ্শীবাদ। সুদুৰ মুম্বাইৰ পৰা এটা ভিডিঅৰ জড়িয়তে হৰ্ষিতে সমগ্ৰ অসমবাসীক এটা ভোট দিবলৈ অনুৰোধ জনাইছে। যাতে তেওঁ জয়ী হৈ অসমৰ নাম উজলাব পাৰে। ইতিমধ্যে হৰ্ষিতৰ ভিডিঅ ভাইৰেল গৈ পৰিছে চ'চিয়েল মিডিয়াত।

হৰ্ষিতক ভোটদান কৰিবৰ বাবে ডাউনডলোড কৰক Sonyliv app অথবা www.firstcry.com ৰ জড়িয়তে ভোটদান কৰিব পাৰিব হৰ্ষিতক। ভোটিং লাইন ১৫ চেপ্তেম্বৰ নিশা ৮ বজাৰ পৰা ১২ বজালৈ খোলা থাকিব।

Your Comments