নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধীসকলক ৰাজ্যৰ শিক্ষা বিভাগে বঞ্চিত কৰাৰ অভিযোগ 

pratibandhi

নিউজ ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে। বিগত বর্ষৰ ৫ অক্টোবৰত প্ৰতিবন্ধী সুৰক্ষা সন্থা,অসমে দিছপুৰ লাষ্টগেটত কৰা আন্দোলনৰ ফলশ্ৰুতিত সেই বর্ষৰে ৯ অক্টোবৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে প্ৰতিবন্ধীসকলৰ বেকলগ পদসমূহ পূৰণৰ বাবে আৰক্ষীৰ নিযুক্তি বর্ডক দায়িত্ব প্ৰদান কৰিছিল।কেবিনেটে আনকি ৰাজ্যৰ প্ৰতিটো বিভাগক প্ৰতিবন্ধীসকলে লাভ কৰিবলগীয়া পদৰ তথ্য  আৰক্ষী নিযুক্তি বর্ডক ১ সপ্তাহৰ ভিতৰত প্ৰেৰণৰ নির্দেশ দিছিল।কিন্তু এই নির্দেশৰ পিছতো চৰকাৰৰ বহুকেইটা বিভাগে আজিলৈকে নিযুক্তি বোৰ্ডক খালি পদৰ তথ্য প্ৰেৰণ নকৰিলে। বিশেষকৈ ৰাজ্যৰ শিক্ষা বিভাগে আজিও সঠিক তথ্য প্ৰেৰণ নকৰিলে। এই মন্তব্য প্ৰতিবন্ধী সুৰক্ষা সন্থা,অসমৰ সম্পাদক নৃপেন মালাকাৰৰ। শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত মালাকাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে শিক্ষা বিভাগৰ পৰা পোৱা তথ্য অনুসৰি উচ্চ মাধ্যমিক শিক্ষা বিভাগত ৰাজ্যৰ ২১খন জিলাত শিক্ষকৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ৩৭৫২টা। ইয়াৰ উপৰিও প্ৰাথমিক শিক্ষা বিভাগত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ২৮৯৭টা। অৰ্থাৎ  শিক্ষা বিভাগত কেৱল ২১খন জিলাত পাব লগা মুঠ পদৰ সংখ্যা ৬৬২৯টা। কিন্তু পৰিতাপৰ কথা এই যে শিক্ষামন্ত্ৰী সিদ্ধাথ ভট্টাচাৰ্যৰ শিক্ষা বিভাগে নিযুক্তিৰ বোৰ্ডক মাত্ৰ ১০৫টা পদহে প্ৰেৰণ কৰে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত পুনৰ যোৱা ২০১৮ বর্ষৰ ২১ ডিচেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সন্থা আলোচনাত মিলিত হয়।তাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে পুনৰ খালি পদৰ তালিকা শীঘ্ৰে বিভাগসমূহক প্ৰেৰণ কৰাৰ বাবে নির্দেশ দিছিল যদিও এই নির্দেশক কেৰেপ নকৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগে।


পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ২৬ আগষ্টত কাহিলীপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।কাৰ্যসূচীৰ পিছত চলিত মাহৰ ২ ছেপ্টেম্বৰত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে পুনৰ আলোচনাত মিলিত হয়। উক্ত আলোচনাতে শিক্ষা বিভাগত খালি হৈ থকা কিছু পদৰ সংখ্যা সংগঠনটোৰ আগত উল্লেখ কৰে।সেই অনুসৰি উচ্চতৰ মাধ্যমিকত বিষয় শিক্ষক পদত ১৪২টা, উচ্চ মাধ্যমিক বিদ্যালয়ত ২২৩টা নিযুক্তিৰ বাবে সাজু কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে উচ্চ মাধ্যমিক বিদ্যালয় সমূহত খালি হৈ থকা ১৩৫টা তৃতীয় বৰ্গৰ আৰু ২২৪টা চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে নিযুক্তি দিব পৰা অৱস্থাত আছে বুলি জানিবলৈ দিয়ে।সেই অনুসৰিয়ে প্ৰথম অৱস্থাত সাজু হৈ থকা মাধ্যমিক শিক্ষা বিভাগৰ ৩৫৯ টা পদ পূৰণৰ বাবে আৰক্ষীৰ নিযুক্তি বোৰ্ডলৈ প্ৰেৰণৰ বাবে দাবী জনায়। ইয়াৰ উপৰিও এই আলোচনাতে প্ৰতিবন্ধীসকলক ২০২০চনৰ জানুৱাৰী মাহৰ ভিতৰতে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত আশ্বাস প্ৰদান কৰিছিল। তাৰ পিছত সংগঠনটোক আয়ুক্ত শইকীয়াৰ সৈতে হোৱা বৈঠকত আলোচনা হোৱা বিষয়সমূহৰ  সিদ্ধান্ত পত্ৰখন যোৱা পাঁচ ছেপ্টেম্বৰতে অৰ্পণ কৰিব বুলি উল্লেখ কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে আজি দুটা সপ্তাহ অতিক্ৰম কৰাৰ পিছতো কোনো পত্ৰ প্ৰেৰণ নকৰিলে শিক্ষা বিভাগে। এই সন্দৰ্ভত সংগঠনৰ একাংশ নেতৃত্বই শিক্ষা বিভাগত খবৰ কৰিবলৈ যাওতে আয়ুক্তগৰাকীৰ ব্যক্তিগত সচিব লস্কৰ উপাধিৰ এগৰাকী শিক্ষা বিভাগৰ বিষয়াই অশোভনীয় ব্যৱহাৰ কৰা বুলি আজি সংবাদ মেলত উল্লেখ কৰে নৃপেন মালাকাৰে।


আনহাতে,ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিবলৈ লোৱা টেট পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণত ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ পৰা ৩০০ টকাকৈ মাচুল লোৱা বিষয়টোক তীব্ৰ ভাষাৰে সমালোচনা কৰে।লগতে কয় যে প্ৰতিবন্ধীসকলৰ বাবে আবেদন পত্ৰ পূৰণ সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগে। এই সন্দৰ্ভত অহা ১৮ ছেপ্টেম্বৰৰ ভিতৰত বিভাগক নিৰ্দিষ্ট সময় বান্ধি দিছে।অন্যথা, প্ৰতিবন্ধীসকলে যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি সংবাদমেলত ঘোষণা কৰে।

Your Comments