নিউজ ডেস্ক :
মহিলা বক্সিংৰ ৰাণী ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।ক্ৰীড়া মন্ত্ৰণালয়ে ইতিমধ্যে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে নাম প্ৰেৰণ কৰা মেৰীকম দেশৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ।ইয়াৰ পূৰ্বে খেল জগতৰ তিনিগৰাকী খেলুৱৈয়ে পদ্মবিভূষণ বঁটা লাভ কৰিছে।তেওঁলোক হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ, এদমাণ্ড হিলাৰী আৰু বিশ্বনাথ আনন্দ।
উল্লেখ্য যে মণিপুৰৰ মহিলা বক্সাৰ গৰাকীয়ে ইতিমধ্যে দেশৰ তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান লাভ কৰিছে। পুনৰ যদি দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে তেওঁৰ নাম নিৰ্বাচিত হয় তেন্তে সমগ্ৰ দেশৰ ভিতৰত পদ্মবিভূষণ লাভ চতুৰ্থ গৰাকী খেলুৱৈ হ'ব মেৰী আৰু তেওঁৱেই হ'ব দেশৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ।
আনহাতে মেৰীকমৰ উপৰিও আজি ক্ৰিয়া মন্ত্ৰণালয়ে বিশ্ব চেম্পিয়ন তথা ৰি'অ অলিম্পিকত ৰূপৰ পদক জয় কৰা চাটলাৰ পি ভি সিন্ধুৰ নামো পদ্মশ্ৰী বঁটাৰ বাবে প্ৰেৰণ কৰিছে।ইয়াৰ উপৰিও আন আঠ গৰাকী মহিলা এথলিটৰ নাম ক্ৰমে পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰ বাবে ক্ৰীড়া মন্ত্ৰনালয়ে ইতিমধ্যে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 4 views