২০ ছেপ্টেম্বৰত শুভমুক্তি ৰীমা দাসৰ 'ৰজত কমল বঁটা'প্ৰাপ্ত ছবি 'বুলবুল কেন ছিং'ৰ

rima

নিউজ ডেস্ক:
'কাঞ্চনজংঘা'ৰ ব্যাপক সফলতাৰ পিছত এইবাৰ মুক্তিৰ বাবে সাজু হৈছে বিভিন্ন ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠা অসমীয়া ছবি 'বুলবুল কেন ছিং'।চলিত মাহৰ ২০ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যজুৰি মুক্তি লাভ কৰিব পৰিচালক ৰীমা দাসৰ দ্বিতীয়খন অসমীয়া ছবি 'বুলবুল কেন ছিং'-এ।ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত দর্শকে বিপুলভাৱে আদৰি লোৱা অসমীয়া ছবিখনক ঘৰুৱা দর্শকসকলেও আঁকোৱালি ল'ব বুলি আশাবাদী পৰিচালক ৰীমা দাস।


উল্লেখ্য যে ইয়াৰ পূৰ্বে 'ভিলেজ ৰকষ্টাৰ'ৰ জড়িয়তে সমগ্ৰ বিশ্বতে পৰিচিত হোৱা ৰীমা দাসৰ দ্বিতীয়খন ছবি 'বুলবুল কেন ছিং'-এ ইতিমধ্যে লাভ কৰিছে 'ৰজত কমল বঁটা'।তাৰ উপৰিও লাভ বহুকেইটা সন্মান।

Your Comments