পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত চিৰাঙৰ কাশীকোত্ৰাত কেবা সহস্ৰাধিক লোকৰ উত্তাল প্ৰতিবাদ

bodo

বঙাইগাঁও :

বিটিএডিৰ চিৰাং জিলাৰ কাশীকোত্ৰাত মঙলবাৰে পুনৰ পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত এবছু - এন ডি এফ বিকে ধৰি তিনিটাকৈ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নিখিল বড়ো ছাত্ৰ সন্থা (এবছু )ৰ উদ্যোগত তথা পিপুলচ জইন্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্ট ( পিজেএচিবিএম ) আৰু প্ৰগতিশীল এন ডি এফ বিৰ সহযোগত ৩১ নং ( চি ) ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিশাল গণ সভাত অতিশীঘ্ৰে পৃথক বড়ো ৰাজ্য গঠনৰ জৰিয়তে বড়ো সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী উত্থাপন কৰা হয় । গণ সমাৱেশত অংশগ্ৰহণকাৰী হাজাৰ হাজাৰ লোকে একমুখে উই ৱান্ট বডোলেণ্ড , ন' বডোলেণ্ড ন' ৰেষ্ট , ন' জাষ্টিচ ন' ৰেষ্ট আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কেবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৃহৎ গণ সমাৱেশত এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজৰ উদাত্ত ভাষণত কয় যে ভাৰত চৰকাৰে ইতিমধ্যে জম্মু - কাশ্মীৰ আৰু লাডাখক পৃথক ইউনিয়ন টেৰিটৰিলৈ উন্নীতকৰণ কৰা প্ৰক্ৰিয়াক এবছুৱে আদৰণি জনাইছে । অনুৰূপ ধৰণেৰে অতিশীঘ্ৰে বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়ো ৰাজ্য গঠন সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । bodo2

লোকসভা আৰু ৰাজ্যসভাৰ উভয় সদনতে মেজৰিটি থকা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব দি অতিশীঘ্ৰে পৃথক বড়ো ৰাজ্য গঠনৰ দাবী জনায় বড়োৱে । লগতে  বড়োলেণ্ডৰ স্থায়ী শান্তি তথা দ্ৰুত উন্নয়নৰ বাবে সবকা সাথ , সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিত বিশ্বাসী প্ৰধান মন্ত্ৰী মোদীক পৃথক বড়ো ৰাজ্য গঠনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো এবছুৰ সভাপতি গৰাকীয়ে আহ্বান জনায় ৷ এবছু নেতাগৰাকীয়ে লগতে কয় যে বিগত ৫০ বছৰত বড়োলেণ্ড আন্দোলনত জড়িত হৈ ৫ সহস্ৰাধিক বড়ো যুৱক - যুৱতীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ২০ সহস্ৰাধিক লোকে কাৰাৱাস খাটিবলগীয়া হৈছে । আনহাতে সভাত এন ডি এফ বি ( প্ৰ ) ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে নিজ ভাষণত কয় যে পৃথক বড়ো ৰাজ্য গঠন হ'লে সংবিধান অনুযায়ী অবড়োৰ সুৰক্ষাও সুনিশ্চিত হ'ব । ইয়াত অনাবড়ো লোকসকলে ভয় খাবলগীয়া একো নাই । গণ সমাবেশত পিপুলচ জইন্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্টৰ সভাপতি ৰাকেশ বড়ো , প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম , ৰঞ্জনপন্থী এন ডি এফ বিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক এন ওখা হাদৈ আদিয়ে পৃথক বড়ো ৰাজ্য গঠন সন্দৰ্ভত উদ্বাত্ত্ব ভাষণ ৰাখে । লগতে সভাখনত বিটিচিৰ বিৰোধী এম চি এল এ সকলৰ উপৰিও ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় উপ - সভাপতি যোগেন্দ্ৰ নাৰ্জাৰী , ইউ পি পি এলৰ যুৱ তথা মহিলা গোটৰ সভাপতিদ্বয় ক্ৰমে সোমনাথ নাৰ্জাৰী আৰু বীনা গয়াৰীও উপস্থিত থাকে । গণ সমাৱেশখন ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অনুষ্ঠিত হোৱা বাবে কাশীকোত্ৰাৰ পৰা চিদলীলৈ পথছোৱাত দুপৰীয়াৰ ভাগত তীব্ৰ যান -যটৰ সৃষ্টি হয় ।

Your Comments