"কিয়াৰ'স্কুৰ" তথ্যচিত্ৰৰ পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালক বঁটা

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ তথা বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাৰ জীৱনৰ আধাৰত নিৰ্মিত "কিয়াৰ'স্কুৰ" নামৰ তথ্যচিত্ৰখনে মুম্বাইত অনুষ্ঠিত ফিল্ম ফেষ্টিভেলত
শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি এজন অসমীয়াই নগাঁৱৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰা ব্যক্তিজন হৈছে নগাঁৱৰ পাৰ্থজিৎ বৰুৱা । যোৱা 8 ছেপ্টেম্বৰত মুম্বাইৰ আন্ধেৰী ইষ্টত আয়োজিত সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত বৰুৱাই এই বঁটা লাভ কৰে । উল্লেখ্য যে নগাঁৱৰ চলচ্চিত্ৰ নিৰ্মাতা তথা বিশিষ্ট পৰিচালক পাৰ্থ জিৎ বৰুৱাই গুৱাহাটীৰ ৰাজপথত নিৰ্যাতিত লক্ষ্মী ওৰাঙক লৈ নিৰ্মিত "লক্ষ্মী ওৰাং--ৰাইজিং ফম দ্য গ্ৰেফ" তথ্যচিত্ৰৰ বাবে পূৰ্বতেও শ্ৰেষ্ঠ পৰিচালকৰ লগতে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল । ধেমাজিত 15 আগষ্টৰ স্বাধীনতা দিৱসত শোকাবহ ঘটনাৰ আলমত নিৰ্মিত "দ্য ধেমাজি ট্ৰেজেদি" তথ্যচিত্ৰখনৰ বাবে অৰুণাচলৰ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল,কলকাতা
আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ আৰু বম্বে আন্তঃৰাষ্ট্ৰীয় চুটি ছবি  মহোৎসৱত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ তথ্য
চিত্ৰৰ সন্মান লাভ কৰিছিল বৰুৱাই । ইয়াৰ উপৰি পাৰ্থজিৎ বৰুৱাই ৰাজ্য চৰকাৰৰ দ্বাৰা চলচ্চিত্ৰ সমালোচকৰ বঁটাও লাভ কৰিছিল। উল্লেখ্য যে তথ্যচিত্ৰ খনৰ মূল চৰিত্ৰ লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞাই বিগত পাঁচ দশক ধৰি নগাঁও চহৰত বাতৰি কাকত বিতৰণৰ লগত জড়িত হৈ আছে ।

Your Comments