চৰকাৰৰ সদিচ্ছা থাকিলে এনআৰচিৰ পুনৰীক্ষণৰ কাম নিজে কৰিব পাৰে-উপমন্যু হাজৰিকা

u hazarika

নিউজ ডেস্ক:
প্ৰকাশিত এনআৰচিৰ পুনৰীক্ষণৰ বাবে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰয়োজন নাই। কাৰণ উচ্চতম ন্যায়ালয়ৰ তদাৰকত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিৰ পুনৰীক্ষণৰ ক্ষমতা আইনগতভাৱে ইতিমধ্যে চৰকাৰক প্ৰদান কৰা হৈছে। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ।৩১আগষ্টত প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকা লৈ সুখী নহয় সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ বিভিন্ন দল-সংগঠন।সকলোৱে ইতিমধ্যে প্ৰকাশিত এনআৰচিত ৰৈ যোৱা আসোঁৱাহ নিৰ্মূল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে।একেদৰে ৰাজ্যৰ সোণোৱাল চৰকাৰেও প্ৰকাশিত এনআৰচিত লাখ-লাখ বিদেশী অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ক পুনৰীক্ষণ কৰাৰ বাবে আবেদন জনাব বুলি অসমৰ ৰাইজৰ আগত ইতিমধ্যে বহুলভাৱে প্ৰচাৰ কৰিছে।চৰকাৰৰ এই প্ৰচাৰৰ সন্দৰ্ভতে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয়- 'প্ৰকাশিত এনআৰচিৰ পুনৰীক্ষণ বিচাৰি অসম চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই।কাৰণ,চৰকাৰৰ যদি পুনৰীক্ষণৰ বাবে সঁচাকৈ সদিচ্ছা আছে,তেন্তে নাগৰিকত্ব আইন-১৯৫৫ৰ অধীনত নাগৰিক পঞ্জীয়ন আৰু পৰিচয়পত্ৰ-২০০৩ অধিনিয়মৰ ১০ নং দফাই চৰকাৰক আইনগতভাৱে অধিকাৰ দিছে।' হাজৰিকাই সংবাদমেলত প্ৰকাশ কৰাৰ অনুসৰি 'যিসকল ব্যক্তিয়ে ভুল বা মিছা তথ্যৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিছে,তেওঁলোকৰ নাম চৰকাৰে কৰ্তন কৰিব পাৰে।'


ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰক এনআৰচিৰ খচৰা প্ৰকাশ পোৱাৰ পিছতে ২০১৮ চনৰ ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ে ১০% পুনৰীক্ষণ কৰাৰ বাবে নির্দেশ দিছিল।আনহে নালাগে,ৰাজ্য চৰকাৰে সেই খচৰাখন যিকোনো সময়তে পুনৰীক্ষণ কৰাৰ বাবে 'নাগৰিক পঞ্জীয়ন আৰু পৰিচয়পত্ৰ-২০০৩ অধিনিয়ম'ৰ ৪নং দফাৰ জৰিয়তে উপায়ুক্তসকলৰ জৰিয়তে পুনৰীক্ষণৰ আইনগত অধিকাৰ আছিল।কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে তাকে নকৰি চূড়ান্ত এনআৰচি প্ৰকাশৰ প্ৰাকমুহূৰ্তত কেৱল জনসাধাৰণৰ আগত নিজৰ দোষ ঢাকিবৰ বাবে উচ্চতম ন্যায়ালয়ত কোনো তথ্য প্ৰদান নকৰাকৈ পুনৰীক্ষণ কৰাৰ আবেদন জনাইছিল।যি আবেদন কোনো প্ৰমাণ নথকাৰ বাবে উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে।


আনহাতে,চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছতে অসমৰ জনসাধাৰণৰ মাজত কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো আকৌ '৫১ চনৰ ভিত্তিত এনআৰচিৰ উন্নীতকৰণ হ'ব বুলি একাংশ ব্যক্তি তথা সংগঠনে প্ৰকাশ কৰা খবৰৰ সন্দৰ্ভত তেওঁ কয়-'৭১ক ভিত্তিবর্ষ হিচাপে লৈ অসমত এনআৰচিৰ উন্নীতকৰণ কৰাৰ পিছত আকৌ '৫১ক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচিৰ উন্নীতকৰণ কৰা নহয়।ইয়াৰ পিছত সমগ্ৰ দেশত '৫১ ভিত্তিত এনআৰচি উন্নীতকৰণ হ'ব পাৰে,কিন্তু অসমত আৰু এনআৰচিৰ উন্নীতকৰণ নহয়।'


ইফালে,প্ৰকাশিত এনআৰচিত যদি বিসংগতি বা জালিয়াতি হোৱাৰ কোনো লোকৰ ওচৰত তথ্য আছে,তেন্তে ৯৪০১১৭৩৪৩৫ নম্বৰৰ জৰিয়তে অৱগত কৰিবলৈ উপমন্যু হাজৰিকাই ৰাইজলৈ আহ্বান জনায়।এই ক্ষেত্ৰত তথ্য  প্ৰদান কৰাৰ ব্যক্তিগৰাকীৰ নাম-ঠিকনা গোপনে ৰাখিব বুলি জানিবলৈ দিয়ে।

Your Comments