উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতো কোনে ১২ছেপ্টেম্বৰত দিলে অসম বন্ধৰ আহ্বান 

bandha

নিউজ ডেস্ক :

অহা ১২ চেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কোচ ৰাজবংশী সন্মিলনীয়ে। এন আৰ চি ৰ প্ৰক্ৰিয়াক বিৰোধিতা কৰি এই বন্ধৰ আহ্বান জনোৱা বুলি জানিব দিছে কোচ ৰাজবংশী সন্মিলনীয়ে। মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বন্ধৰ কথা ঘোষণা কৰে সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই। তেওঁ জনোৱা মতে অহা ১২ ছেপ্টেম্বৰৰ দিনা পুৱা ৫ বজাৰ পৰা পৰা সন্ধিয়া ৫ বজালৈকে এই বন্ধৰ আহ্বান জনাইছে সন্মিলনীয়ে। 

কোচ ৰাজবংশী সন্মিলনৰ বীৰেশ্বৰ শইকীয়া আৰু দুৰ্লভ চমুৱা গোটে যৌথ ভাৱে এই বন্ধৰ আহ্বান জনাইছে বুলিও সংবাদমেলখনত জানিব দিয়ে।kosh rajbanshi

সংবাদমেলখনত এন আৰ চিৰ পৰা প্ৰায় ৫লাখ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে সন্মিলনীয়ে। সেয়েহে এন আৰ চি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি এই বন্ধৰ আহ্বান জনোৱা বুলিও আজিৰ সাংবাদমেলখনতে    সন্মিলনীয়ে ঘোষণা কৰে।


গোৱালপাৰা, কোকৰাঝাৰ, ধেমাজি, বঙাইগাঁও আৰু ওদালগুৰিত প্ৰধানতঃ কোচ ৰাজবংশী সম্প্ৰদায়ৰ বহু লোকৰ নাম বাদ পৰিছে বুলিও সংবাদমেল খনত কোচ ৰাজবংশী সন্মিলনৰ সভাপতি শইকীয়াই  জানিবলৈ দিয়ে । 

আনহাতে, একেখন সংবাদমেলতে এনআৰচিত বহু বিদেশী লোকৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি অভিযোগ তোলে শইকীয়াই। 

বিটিএডি অঞ্চলত ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেও বহু কোচ ৰাজবংশী লোকৰ নাম বাদ দিয়া হৈছে বুলিও সভাপতি গৰাকীয়ে গুৰুতৰ অভিযোগ তুলিছে ।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা থকা স্বত্তেও দিয়া এই বন্ধই বিশেষ তাৎপৰ্য বহন কৰিছে। 

Your Comments