নিউজ ডেস্ক:
শনিবাৰে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পিছৰে পৰাই প্ৰতিটো ৰাজনৈতিক দলে এন আৰ চিক লৈ নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। দেওবাৰে এনআৰচি-ক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিধায়নী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই এখন সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলখনত সম্বোধন কৰি সভাপতি ৰিপুন বৰাই কয়, "কোনো কাৰণতে এজনো ভাৰতীয়ৰ নাম বাদ পৰিবলৈ দিয়া নহ'ব। আইনী সাহায্য দি হ'লেও তেওঁলোকক দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াম। জাতীয় কংগ্ৰেছৰ সভানেত্ৰীয়ে এই নিৰ্দেশ দিছে"। "এনআৰচিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আপীল কৰাৰ বাবে ১২০ দিন বঢ়াই দিছে। কি ভিত্তিত আপীল কৰিব নাম বাদ কৰা সকলে? এই লোকসকল যাতে দীৰ্ঘদিন অনিশ্চয়তাত থাকিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগে। এনআৰচিৰ কৰ্তৃপক্ষৰ পৰা জাননী পোৱা দিনৰ পৰাহে ১২০ দিনটো হিচাপ কৰিব লাগে" বুলিও তেওঁ মন্তব্য কৰে।
বিজেপিক সমালোচনা কৰি ৰিপুন বৰাই কয়, "এনআৰচিক লৈ বিজেপিয়ে কেতিয়াও গুৰুত্ব দিয়া নাছিল। তেওঁলোকৰ এনআৰচি কৰাৰ ইচ্ছাই নাছিল। মুখ্যমন্ত্ৰীয়ে জাতীয় দলিল কোৱাৰ বিপৰীতে এই এনআৰচিক ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও নস্যাৎ কৰিছে। তেওঁলোক নিজেই বিভ্ৰান্ত। এই প্ৰক্ৰিয়া দীঘলীয়া কৰি থাকিলেহে বিজেপিয়ে ৰাজনীতি কৰি থাকিব পাৰিব। এই ইচ্ছু তেওঁলোকে জীয়াই ৰাখিব বিচাৰিছে"। তেওঁ আৰু কয় যে "হিমন্ত বিশ্বৰ সাম্প্ৰদায়িক মন্তব্যৰ গৰিহণা দিছো। তেওঁ সংবিধানক অৱমাননা কৰিছে। এই বিষয়ত মুখ্যমন্ত্ৰী নিমাত কিয়? তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে"।
আনহাতে সংবাদমেলখনত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে "বিজেপি-অগপৰ ইছ্যু এটাই। মোদীয়ে কৈছে তৰুণ গগৈয়ে বিদেশীক ৰঙা দলিচা পাৰি দিছে। কিন্তু তেওঁ নিজে বিদেশী খেদাটো বাদেই এনআৰচিখনেই ভালকৈ নকৰিলে। এনআৰচিৰ দায়িত্ব পালন কৰাত তেওঁলোকে গুৰুত্ব নিদিলে। যাৰ কাৰণে এতিয়া নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে"। "মুখ্যমন্ত্ৰীয়ে নিজে ধন্যবাদ দিছে এইখনৰ কাম কৰিলোঁ বুলি। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ কি ক'লে। তেওঁক কোনে এই ক্ষমতা দিলে নে তেওঁ মানুহ দেখুৱাবলৈ গৈছে যে সৰ্বানন্দ আচল মানুহ নহয় মই আচল। হিমন্ত বিশ্ব শৰ্মা দুই নম্বৰী মানুহ বুলি সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা অসম চুক্তি ৰূপায়ণত ব্যৰ্থ হৈ এতিয়া ওলোটা খৰ মাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব নিদিয়াই ভাল" বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। "এনআৰচি অসম চুক্তিৰ ভিত্তিত তৈয়াৰ কৰা হৈছে। যেতিয়ালৈকে অসম চুক্তি আছে সেই চুক্তি আমি ভংগ কৰিবলৈ দিব নোৱাৰো। যিসকল ভাৰতীয় নাগৰিক, তেওঁলোকৰ লগত আমি আছোঁ"। "বিজেপি আৰু অগপই অপপ্ৰচাৰ কৰিছিল যে কংগ্ৰেছৰ দিনত ৪০-৫০ লাখ বিদেশীক ৰক্ষণাবেক্ষণ দিছিল। তেনেহলে এতিয়া ইমান খিনি বিদেশী কিয় নোলালে" বুলিও তেওঁ মন্তব্য কৰে।
প্ৰফুল্ল কুমাৰ মহন্তক সমালোচনা কৰি গগৈয়ে কয় যে "যি জন মহন্তই ৫০ লাখ বিদেশীৰ কথা কৈছিল সেই মহন্তই এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে। মানে তেওঁ মিছলিয়া। এনআৰচিৰ কাম প্ৰফুল্ল মহন্তৰ দিনত আৰম্ভ নকৰিলে, কাৰণ তেওঁলোকে সমস্যা সমাধান কৰিব নিবিচাৰে"। আনহাতে এনআৰচিক লৈ বৰপেটাত যি কাণ্ড হৈছিল তাত আমছুয়ে অপপ্ৰচাৰ চলাইছিল বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 11 views